এ পি এছ চিৰ কেলেংকাৰীত লিপ্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে এছ আই টিয়ে আদালতত মিছা প্ৰতিবেদন দিছে

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা আৰক্ষী বিষয়া প্ৰতীক থুবেৰ বিৰুদ্ধে ব্যৱস্থা লওকঃ ডি ৱাই এফ আই

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰি আৰু এছ আই টি গঠনৰে পুনৰ তদন্ত আৰম্ভ কৰি সমগ্ৰ এপিএছচিৰ কেলেংকাৰীত অভিযুক্তসকলক যে ৰক্ষা কৰিব বিচাৰিছে সেয়া সেয়া আৰক্ষী বিষয়া প্ৰতীক থুবেই আদালতত প্ৰদান কৰা অভিযোগনামাই প্ৰমাণ কৰিছে। অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে দুৰ্বল শপতনামা দাখিল কৰা আৰক্ষী বিষয়া প্ৰতীক থুবেৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী উত্থাপন কৰিছে।

আদালতত অসম চৰকাৰে দিয়া শপতনামাৰ ভিত্তিতে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই আৰক্ষী বিষয়া প্ৰতীক থুবেৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন হৈছিল। প্ৰথম অৱস্থাৰ পৰাই এছ আই টিয়ে দুৰ্বল ভুমিকালৈ তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোকে ভেঁ‌কোভাওনাত পৰিণত কৰিছে।

প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই দাখিল কৰা প্ৰতিবেদনত ২০১৩ আৰু ২০১৪ বৰ্ষৰ এপিছচি সমগ্ৰ প্ৰক্ৰিয়া হোৱা অনিয়ম আৰু দুৰ্নীতি পোহৰলৈ অহাৰ তথ্য প্ৰকাশ পাইছিল। সেই অনুসৰি মুঠ ৩৯ জন বিষয়াৰ ভিতৰত ফেইল কৰা ২০ গৰাকী প্ৰাৰ্থীৰ উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটত এপিএছচিৰ সেইসময়ৰ অধক্ষ্য ৰাকেশ পালে নম্বৰ বঢ়াই দি সাক্ষাৎকাৰলৈ প্ৰেৰণ কৰিছিল। বহু প্ৰাৰ্থীক পচন্দৰ পদ পাবলৈ ৬০ ৰ পৰা ২৮০ নম্বৰ পৰ্যন্ত বৃদ্ধি কৰি উত্তীৰ্ণ কৰাই দিছিল। একাধিক প্ৰাৰ্থীৰ সকলো উত্তৰ বহী নাইকিয়া কৰি পেলোৱা হৈছে।

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্তত পোহৰলৈ অহা তথ্য মতে এচিএছ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ত্ৰিদিপ ৰয়, হিতেশ মজুমদাৰ, বিক্ৰমাদিত্য বৰা, ধীৰাজ কুমাৰ জৈন আৰু আকাশী দুৱৰাই ২০১৩ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ফেইল কৰিছিল। বক্ৰ পথেৰে চাকৰি লোৱা ১১ গৰাকী এপিএছ বিষয়াৰ ১০ গৰাকীয়ে ফেইল কৰিছিল। সেই বছৰত এপিএছ বিষয়াৰ স্থান দখল কৰা নীলাঞ্জল গগৈ, নন্দিনী কাকতি, কুলপ্ৰদীপ ভট্টাচাৰ্য, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, দীপাংকৰ দত্ত লহকৰ, ঋতুৰাজ দলে, নিতুমনি দাস, পুষ্কল গগৈ আৰু ৰুমীৰ তিমুংপীয়ে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষাত ‘ফেইল’ কৰিছিল। এনে বহু বিষয়াৰ মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ জোখেৰে নম্বৰ লাভ নকৰাৰ পাছতো তেওঁলোকৰ টেবুলেশ্বন শ্বীটত নম্বৰ বঢ়াই দি উত্তীৰ্ণ কৰাইছিল।

ন্যায়াধীশ শৰ্মা আয়োগৰ তদন্ত এই সমগ্ৰ অনিয়মৰ তথ্য পোহৰলৈ আহিছিল যদিও চৰকাৰে ইয়াক আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ পৰিৱৰ্তে তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰাৰ আৰু সমগ্ৰ প্ৰক্ৰিয়াটোকে ভেঁকোভাওণা কৰাৰ মানসেৰে এছ আই টি গঠন কৰে।

এছ আই টিয়ে প্ৰথমৰে পৰাই তদন্তৰ নামত ল’ৰা-ধেমালি আৰম্ভ কৰে। আনহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানৱীয়তাৰ দোহাই দি অভিযুক্ত বিষয়াসকলৰ পক্ষে মুকলিকৈ যুক্তি দিয়া আৰম্ভ কৰে। এইটো নিশ্চিত যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গঠন হোৱা এছ আই টিৰ মূৰব্বী প্ৰতীক থুবেই মুখ্যমন্ত্ৰীৰ গোপন নিৰ্দেশ পালন কৰিবলৈ গৈয়ে আদালতত অভিযোগনামা দাখিল কৰিছে। জনতাৰ সেৱাৰ বাবে শপত লোৱা এজন আৰক্ষী বিষয়াই ৰাজনৈতিক লাভালাভৰ বাবে আদালতকো বিপথে পৰিচালিত কৰিব বিচাৰিছে। এনে বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ডি ৱাই এফ আইয়ে দাবী কৰিছে।

ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে এপিএছচি কেলেংকাৰীৰ তদন্তত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰিবসলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে।