• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বাজেটত কৰ্মসংস্থান মুকলি, মূল্যবৃদ্ধি হ্ৰাসৰ কোনো প্ৰস্তাৱ নাইঃ ডি ৱাই এফ আই

অৰ্থনৈতিক জৰীপ প্ৰকাশ নকৰাকৈ কেন্দ্ৰীয় অন্তৱৰ্তীকালীন বাজেট ২০২৪-২৫

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2024 7:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় অন্তৱৰ্তীকালীন বাজেট দাখিলৰ পূৰ্বে অৰ্থনৈতিক জৰীপ প্ৰকাশ নকৰাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে ক্ষোভ আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

পৰম্পৰাগতভাৱে অৰ্থনৈতিক মন্ত্ৰণালয়ে বাৰ্ষিক বাজেটৰ আগতে প্ৰকাশ কৰা এই নথিখনে দেশৰ অৰ্থনীতিৰ বিস্তৃত বিশ্লেষণ, মূল উন্নয়নমূলক কাৰ্যসূচী, নীতিগত পদক্ষেপ আৰু দেশে সন্মুখীন হোৱা ৰূপৰেখা দাঙি ধৰে। কেন্দ্ৰীয় চৰকাৰে এই পৰম্পৰা ভংগ কৰি দেশৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ সংসদ তথা দেশৰ জনতাক জনোৱাৰ পৰা বিৰত আছে।

কেন্দ্ৰীয় বাজেটে কৰ্মসংস্থান সৃষ্টিৰ ক্ষেত্ৰত কোনো আশাৰ ৰেঙণি দেখুৱাব পৰা নাই। মূল্যবৃদ্ধি ৰোধ আৰু মুদ্ৰাস্ফীতি হ্ৰাসৰ ক্ষেত্ৰত বাজেটত কোনো ব্যৱস্থা নাই। খাদ্য ৰাজসাহায্যৰ ক্ষেত্ৰত ৫০ লাখ টকা কৰ্তন কৰা হৈছে। মহিলা আৰু শিশুৰ বাবে ধাৰ্য কৰা আঁ‌চনিতো আৱন্টন হ্ৰাস কৰা হৈছে।

লগতে পঢ়কঃ ভাৰতীয় শিবিৰত মোক্ষম আঘাতঃ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ছামি, অনিশ্চিত জাদেজাও

প্ৰধানমন্ত্ৰী আবাস যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা, পি  এম পোষণ আঁ‌চনিত পূৰ্বৰ তুলনত আবন্টন কমাই দিছে। কৃষি, শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, পি এম কিষাণ, এছ চি, এছ টি আৰু অন্যান্য অংশৰ লোকৰ কল্যাণৰ ক্ষেত্ৰত বাজেটত একেবাৰে তলৰ ফালে স্থান দিছে। খাদ্য ৰাজসাহায্য ৫০ লাখ কৰ্তন কৰাৰ লগতে সাৰৰ ক্ষেত্ৰত ৫০ কোটি হ্ৰাস পাইছে।

এম জি এন ৰেগাত আবন্টন কমাই দিছে। ২০২৩ চনৰ গ্ল’বেল হাংগাৰ ইডেক্স মতে ক্ষুধাৰ তালিকাত ১২৫ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১১১। দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৫.৬৯ শতাংশলৈ বৃদ্ধি পাইছে, যিটো চাৰি মাহৰ ভিতৰত সৰ্বাধিক।

ইয়াৰ ফলত কৃষক, মহিলা আৰু অন্যান্য প্ৰান্তীয় সম্প্ৰদায়ৰ লগতে যুৱক-যুৱতীসকল আকৌ এবাৰ প্ৰতাৰিত হ’ব ওলাইছে।

লগতে পঢ়কঃ কৰ্ণাটকৰ সাংসদৰ ভাষ্যত পৃথক দাক্ষিণাত্যৰ প্ৰসংগ! বিজেপিৰ তীব্ৰ আক্ৰমণ, শিৱকুমাৰে দিলে স্পষ্টীকৰণ

দেশত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়তে কেন্দ্ৰীয় বাজেটত নিশ্চুপ হৈ থকা পৰিলক্ষিত হৈছে। ইয়ে অন্ধকাৰময় চাকৰি বজাৰৰ সন্মুখীন হোৱা যুৱক-যুৱতীসকলৰ আশাত চেঁচা পানী ঢালিছে।

বাজেটত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ কোনো ব্যৱস্থা নাই বৰং পূৰ্বৰ বাজেটৰ প্ৰতিশ্ৰুতি অনুসৰি অসমসহ উত্তৰ-পূৰ্বাঞ্চলক দিবলগীয়া ১,১৩,৭০০ কোটি টকা আদায় দিয়া সম্পৰ্কত বাজেটত কোনো পদক্ষেপ নাই। এই বাজেটে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক কৰি অহা প্ৰতাৰণাক পুনৰ প্ৰমাণ কৰিলে।

ক’ব পাৰি ২০২৪-২৫ বৰ্ষৰ অন্তবৰ্তীকালীন বাজেট নতুন কৰ্মসংস্থানৰ ক্ষেত্ৰত অন্ধকাৰ ভবিষ্যতৰ ছবি দাঙি ধৰিছে।

লগতে পঢ়কঃ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত ছোৰেনঃ কাইলৈ হ’ব শুনানি

ডি ৱাই এফ আইয়ে এই বাজেটক যুৱ তথা সৰ্বসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰি এয়া মোদী চৰকাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডাঙৰ প্ৰতাৰণা আখ্যা দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd