ৰাজ্যৰ এঘাৰখন পলিটেকনিকৰ ৬৪ গৰাকী অংশকালীন প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদত বহা শিক্ষকসকলৰ প্ৰতি সমৰ্থন জ্ঞাপন কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। আজি ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, যুটীয়া সম্পাদক নিৰংকুশ নাথ আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস সহিতে এক প্ৰতিনিধি দলে চচলৰ ধৰ্ণাস্থলিলৈ গৈ আন্দোলনৰত শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে।
২০১৭ চনৰ প্ৰতিষ্ঠা কালৰ পৰা নিযুক্ত এইসকল পলিটেকনিকৰ অংশকালীন প্ৰবক্তাক ৮ বছৰ পিছত অন্যায়ভাৱে চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যক দুয়োটা সংগঠনে তীব্ৰ প্ৰতিবাদ কৰে আৰু এয়া চৰকাৰৰ দূৰদৃষ্টিহীন তথা অন্যায় সিদ্ধান্ত বুলি অভিহিত কৰে। পৰিতাপৰ কথা যে নিযুক্তিৰ সময়ত এইসকল শিক্ষকৰ পৰা অন্য চাকৰিত যোগদান নকৰাৰ প্ৰতিশ্ৰুতি হিচাপে শিক্ষাগত প্ৰমাণ পত্ৰ তিনি বছৰৰ কাৰণে জমা দিবলগীয়া হৈছিল। এইসকল শিক্ষকৰ বহুতৰে চাকৰিৰ বয়স উকলিবৰ হৈছে। এনে অৱস্থাত এই উচ্চ শিক্ষিত যুৱক-যুৱতীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াটো চৰম অন্যায় আৰু অযুক্তিকৰ হিচাপেই বিবেচিত হৈছে।
ডি ৱাই এফ আই আৰু এছ এফ আইয়ে লক্ষ্য কৰিছে যে চৰকাৰে এটাৰ পিছত আন এটা বিভাগৰ কৰ্মৰত শ্ৰমিক অথবা শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্য আৰম্ভ কৰিছে। অসম ৰাজ্যিক পৰিবহণ বিভাগৰ প্ৰায় ৭০০ কৰ্মচাৰীক আৰু মীন বিভাগৰ তিনি শতাধিক কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিছে।
স্বাস্থ্য বিভাগ (এন এইছ এম)ৰ ২৬ হাজাৰ কৰ্মচাৰী চৰম নিৰাপত্তাহীনতাত ভূগী আন্দোলনৰ পথ লৈছে, বিদ্যুৎ বিভাগ, জলজীৱন মিছন, গো-মিত্ৰ, কম্পিউটাৰ শিক্ষক, পৌৰ আৰু পঞ্চায়তসমূহত লক্ষাধিক ঠিকা শ্ৰমিকে কাম কৰি আছে।
পলিটেকনিকৰ অংশকালীন শিক্ষকৰ বিৰুদ্ধে লোৱা অসম চৰকাৰৰ সিদ্ধান্তই সমগ্ৰ ঠিকা শ্ৰমিক-কৰ্মচাৰীৰ প্ৰতিয়ে অশনি সংকেত কঢ়িয়াই আনিছে। ডি ৱাই এফ আই আৰু এছ এফ আইয়ে অসম চৰকাৰৰ এই যুৱক-যুৱতী বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে।