অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ নকৰাৰ অবিবেচক সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই-এছ এফ আই

অসম চৰকাৰৰ কেবিনেটে এক সিদ্ধান্তযোগে বাকী থকা অপ্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত অবিবেচক, অদূৰদৰ্শী আৰু শিক্ষাবিৰোধী বুলি অভিহিত কৰি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন(এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

সংগঠন দুটাই এই সিদ্ধান্ত বাতিল কৰি প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ দাবী জনাইছে। নিৰ্বাচনৰ পূৰ্বে আৰু চৰকাৰ গঠনৰ পাছতো বিজেপি দল আৰু চৰকাৰে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি ঘোষণা কৰি আহিছে।

লগতে পঢ়ক: মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে লাভলীনা বৰগোহাঁই! বক্সিং ফেডাৰেচনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কিন্তু এতিয়া আচৰিত ধৰণে চৰকাৰে চৰম প্ৰতাৰণা কৰি প্ৰাদেশিকীকৰণ কৰিবলৈ অনুষ্ঠানিকভাৱে অস্বীকাৰ কৰিছে।

ইয়াৰ ফলত ২,৬৫৯ খন অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰায় ২৩,৯১০ জন শিক্ষক-কৰ্মচাৰীৰ ভবিষ্যত জীৱন অনিশ্চিত হৈ পৰাৰ লগতে লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনো অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

এটা কথা নিশ্চিত যে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ বেছি সংখ্যকেই গ্ৰামাঞ্চল, স্বায়ত্বশাসিত এলেকা, চৰ অঞ্চল আদিত অৱস্থিত। চৰকাৰী শিক্ষা ব্যৱস্থাই ঢুকি নোপোৱা এই অঞ্চলসমূহত ৰাইজে শিক্ষা বিস্তাৰৰ বাবে এনে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানসমূহ স্থাপন কৰিছিল।

লগতে পঢ়ক: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই দিয়া মানহানিৰ গোচৰত আদালতৰ স্থগিতাদেশ

ইমান দিনে অসমৰ শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভুমিকা লৈ আহিছে। এনে অৱস্থাত চৰকাৰৰ কেবিনেটে লোৱা হঠকাৰী সিদ্ধান্তই কেৱল শিক্ষক-কৰ্মচাৰীকে ক্ষতি কৰাই নহয়, লগতে সামগ্ৰিকভাৱে ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাব পেলাব।

অসম চৰকাৰে নিজৰ সকলো প্ৰতিশ্ৰুতি ভংগ কৰি প্ৰাদেশিকীকৰণৰ নামত বহু শিক্ষকক টিউটৰৰ মৰ্য্যাদালৈ অৱনমিত কৰিছে। এয়া এক ডাঙৰ অপমান আৰু অন্যায়।

লগতে পঢ়ক:বিজেপিৰে সংঘাত! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানত অনুপস্থিত নীতিশ কুমাৰ

ডি ৱাই এফ আই আৰু এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে চৰকাৰৰ এই ভেকোভাওনা আৰু প্ৰতাৰণা আঁ‌তৰ কৰি শীঘ্ৰে প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।