NORTHEAST NOW (Assamese)

পৱিত্ৰ বৰদিনৰ দিনাই মহানগৰীত দুঠাইত অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ

December 25, 2018 2:45 pm · কল্পজ্যোতি শইকীয়া
আজি পবিত্ৰ বৰদিনৰ দিনাই মহানগৰীৰ দুঠাইত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ইয়াৰে প্ৰথমটো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ফাঁচি বজাৰৰ হেম বৰুৱা ৰোডত। অগ্নিকাণ্ডৰ ফলত এটা প্ৰেছসহ ৫ টাকৈ ঘৰ জুইত জাহ যায়। অগ্নিকাণ্ডত ভস্মীভূত হোৱা প্ৰেছটোৰ নাম গীতা আৰ্ট প্ৰেছ।
অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে ১৫ খনকৈ অগ্নিনৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ ২ ঘণ্টাজোৰা চেষ্টাৰ অন্তত অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডৰ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও ফাঁচিবজাৰ আৰক্ষীয়ে কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰী জাহ যোৱাৰ সন্দেহ।
আনহাতে একেদৰে ফাঁচিবজাৰৰ পিছতে মালিগাঁৱৰ ৰে’লৱে কলনীতো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
বৰ্তমানলৈকে অগ্নিকাণ্ডৰ সূত্ৰপাত কিদৰে হ’ল তাৰ কাৰণ জানিব পৰা হোৱা নাই।

Related News