• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সমীপৰ গছত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ বিশ্বনাথ চাৰিআলিৰ মহিলা

টকাৰ বাবে কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰাৰ সন্দেহ পৰিয়াল, চুবুৰীয়াৰ

কাজি জেইদুল ইছলাম/ৰিদিপ শৰ্মা by কাজি জেইদুল ইছলাম/ৰিদিপ শৰ্মা
December 25, 2018 4:13 pm
IMG-20181225-WA0008

পাপৰি বৰুৱাৰ ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰত গছত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সমীপতে ৩৭নং (ক) ঘাইপথৰ দাঁতিৰ এজোপা গছত আজি ৰাতিপুৱা ৬.৩০ মান বজাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকীক বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ পাপৰি বৰুৱা বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ২৪ডিচেম্বৰ সোমবাৰৰ বিয়লি ৩ মান বজাৰ পৰা ঘৰৰ পৰা ওলাই আহি নিৰুদ্দিষ্ট হৈ আছিল মহিলাগৰাকী।

পাপৰি বৰুৱা হ’ল বিশ্বনাথ চাৰিআলি বামগাওঁ নিবাসী গোলাপ বৰুৱাৰ পত্নী।। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, যোৱা সোমবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল মৃত পাপৰি বৰুৱা। পৰিয়ালৰ লোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে, বেংকলৈ অহাৰ পাছৰে পৰা নিৰুদ্দেশ হোৱা মহিলাগৰাকী কেনেকৈ কলিয়াবৰ পাব পাৰে। সোমবাৰে মৃত মহিলা গৰাকীয়ে টকা তুলিবলৈ বিশ্বনাথৰ HDFC বেংকলৈ গৈছিল ।কিন্তু বেংকৰ পৰা উভতি অহাত দেৰী হোৱাত পৰিয়ালৰ লোকে মৃত মহিলাগৰাকীক মোবাইল যোগে ফোন কৰিছিল যদিও  ৰিচিভ কৰা হোৱা নাছিল। যাৰ বাবে উপায়ন্তৰ হৈ পৰিয়ালৰ লোক কাষ চাপিছিল বিশ্বনাথ আৰক্ষীৰ।

Apply Now

আজি পুৱা প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা একাংশ লোকে উক্ত মহিলা গৰাকীক চিপজৰী লৈ গছত ওলমি থকা দেখা পাই কলিয়াবৰ আৰক্ষীক খবৰ দিয়ে আৰু কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ততালিকে ঘটনাস্থলী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে। লগতে আৰক্ষীয়ে মৃতদেহটোৰ কাষত এটা পাৰ্ছ আৰু মোবাইল ফোন উদ্ধাৰ কৰে  ।

বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ পাপৰি বৰুৱাই কি দৰে কেনেকৈ আহি কলিয়াবৰত এনেদৰে গছত চিপজৰী ল’লে সেই লৈ এতিয়া সমগ্ৰ কলিয়াবৰৰ লগতে পৰিয়ালৰৰ মাজতো এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকৰ মতে কোনো কাৰণতে এয়া আত্মহ্ত্যাৰ ঘটনা নহয়। তেওঁলোকৰ মতে এয়া এটা পৰিকল্পিত হত্যাকাণ্ড। টকাৰ বাবেই কোনো লোকে পাপৰিক অপহৰণ কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছে অভিযোগ কৰিছে পৰিয়াল তথা চুবুৰীয়াই।

আনহাতে কলিয়াবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাই আমাক জানিব দিয়া অনুসৰি মৃত পাপৰি বৰুৱাৰ নিৰুদেশ সন্দৰ্ভত যোৱা কালি অৰ্থাৎ ২৪ ডিচেম্বৰ সোমবাৰে বিশ্বনাথ চাৰিআলিৰ আৰক্ষীয়ে মোবাইল ফোনৰ নেটৱৰ্ক ট্ৰেক কৰি পাপৰি কলিয়াবৰ তিনিআলিৰ আশে পাশে থকাৰ কথা জানিব পাৰি দীনবন্ধু ভূঞাক সোমবাৰে বিশ্বনাথ চাৰিআলিৰ আৰক্ষীয়ে জনোৱাত দীনবন্ধু ভূঞাৰ নেতৃত্বত এটি কলিয়াবৰ আৰক্ষী দলে আৰু বিশ্বনাথ চাৰিআলিৰ পৰা অহা এটা আৰক্ষীৰ দলে সোমবাৰৰ আবেলিৰ পৰা পাপৰিক উদ্ধাৰৰ অভিযানত নামি পৰিছিল যদিও সেয়া বিফল হৈছিল।

আজি ২৫ ডিচেম্বৰৰ পুৱাই সেই একে ঠাইতে অৰ্থাৎ কলিয়াবৰ তিনিআলিৰ মহকুমাৰ কাৰ্য্যালয়ৰ সন্মুখৰ ঘাইপথৰ কাষৰ এজোপা গছত পাপৰিৰ নিথৰ দেহ চিপজৰী লোৱা অৱস্থাত কলিয়াবৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। পাপৰিৰ মৃত্যুৰ সকলো তথ্য পোহৰলৈ অনাৰ বাবে কলিয়াবৰ আৰক্ষী তদন্ত অধিক জোৰদাৰ কৰি তুলিছে বুলি আমাক জানিব দিয়ে।

অতি কম সময়ৰ ভিতৰতে পাপৰিৰ মৃত্যুৰ সকলো তথ্য পোহৰলৈ আহিব বুলিও কলিয়াবৰ আৰক্ষী বহু আশাবাদী। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰিলেই এয়া হত্যা নে আত্মহত্যা সেয়া স্পষ্ট ৰূপত প্ৰতিফলিত হ’ব আৰু তদন্তৰ বাবে অধিক সুবিধা হ’ব।

কাজি জেইদুল ইছলাম/ৰিদিপ শৰ্মা

কাজি জেইদুল ইছলাম/ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd