• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অৰূপ’ৰ যাদুকৰী বলিঙৰ সহায়ত গোৱাৰ বিৰুদ্ধে ৭ৰানত জয়ী অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2018 2:07 pm
Ranji Trophy Assam Vs Goa (7)

ফটো : য়ু বি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম-গোৱাৰ মাজৰ ৰঞ্জি মেচখনত ৭ ৰানত জয়ী হ’বলৈ সক্ষম হয় ঘৰুৱা দল অসম। চতুৰ্থ দিনা অতি ৰোমাঞ্চকৰ হৈ পৰা মেচখনত কোন দলে বিজয়ৰ শেষ হাঁহি মাৰে সেয়া অনুমানৰ বাহিৰত আছিল যদিও অৱশেষত অৰূপ দাসৰ যাদুকৰী বলিঙে মেচখনত অসমক জয়ী কৰাত সহায় কৰে।

অসমৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা পেচবলাৰ অৰূপে দ্বিতীয় ইনিংছত ২৪.২ অভাৰত ৬৭ ৰান খৰছ কৰি ৬টা উইকেট দখল কৰে। অৰূপৰ উপৰি মুখতাৰ হুছেইনে ৩টা আৰু ৰঞ্জিত মালীয়ে ১টা উইকেট লাভ কৰে।

Apply Now

উল্লেখ্য যে ২২ ডিচেম্বৰৰ পৰা চলা মেচখনত ঘৰুৱা দল অসমে প্ৰথমে বেট ধৰি ১৭৫ ৰান কৰাৰ বিপৰীতে গোৱাই সংগ্ৰহ কৰিছিল ১৯৩ ৰান। প্ৰথম ইনিংছত দুয়োটা দলৰে বেটছমেনসকল ব্যৰ্থ হোৱা পৰিলক্ষিত হয় যদিও দ্বিতীয় ইনিংছত বেটছমেনসকলে কিছু সফলতা লাভ কৰে।

১৮ ৰানত পিছ পৰি থকা অসমে দ্বিতীয় ইনিংছত অপেনাৰ ঋষভ দাসৰ ৬৭ আৰু অধিনায়ক অমিত সিনহাৰ ৫১ ৰানৰ সহায়ত ২৩৫ ৰান কৰিবলৈ সক্ষম হয় আৰু আলহী দল গোৱাক ২১৮ ৰানৰ এক প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।

ইফালে আলহী দলটোৱে ২১৮ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ আহি ৭৮ ৰানতে আগশাৰীৰ ৬টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই শলঠেকত পৰে আৰু অসমৰ বাবে বিজয় নিশ্চিত হৈ পৰে। কিন্তু অমিত বৰ্মা আৰু আঠ নম্বৰত বেট ধৰিবলৈ অহা লক্ষ্য গাৰ্গে অসমৰ বিজয়ত হেঙাৰ হৈ থিয় দিয়ে আৰু তৃতীয় দিনাৰ অন্তলৈ দুয়ো অৰ্ধশতক অৰ্জন কৰি অপৰাজিত হৈ ৰয়। তৃতীয় দিনাৰ অন্তত আলহী দল গোৱাই ছয় উইকেটৰ বিনিময়ত ১৬৬ ৰান সংগ্ৰহ কৰে।

চতুৰ্থ তথা অন্তিম দিনা বিজয়ৰ বাবে অসমক প্ৰয়োজন আছিল চাৰিটা উইকেট আৰু আলহী দল গোৱাক প্ৰয়োজন ৫২ ৰানৰ। বিজয় নিশ্চিত। কিন্তু কোন দলে বিজয়ৰ শেষ হাঁহি মাৰে সেয়াহে লক্ষ্যণীয় আছিল। কিন্তু মেচ আৰম্ভ হোৱাৰ পাছতে অলপ সময়ৰ বাবে গোৱাই অসমক প্ৰত্যাহ্বান জনাইছিল যদিও অৱশেষত অৰূপৰ মাৰাত্মক স্পেলত অমিত, লক্ষ্যৰ লগতে বাকী বেটছমেন কেইজন দলীয় স্ক’ৰ ২১০ ৰানত ধৰাশায়ী হৈ পৰে। আৰু এইদৰে এখন ৰোমাঞ্চকৰ মেচত অসমে গোৱাক ৭ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd