NORTHEAST NOW (Assamese)

বিৰল মহাজাগতিক পৰিঘটনা! আজি একে শাৰীতে দেখা যাব পৃথিৱী-সূৰ্য্য-আৰু বৃহস্পতি গ্ৰহক

December 7, 2024 11:09 am · এন ই নাও নিউজ, গুৱাহাটী

আজি ​​শনিবাৰে পৃথিৱী, সূৰ্য্য আৰু বৃহস্পতি গ্ৰহক একেটা সৰলৰেখাত অৱস্থান কৰিব। শনিবাৰে গোটেই নিশা আকাশত বৃহস্পতিক দেখা যাব। এই অৱস্থানক ‘জুপিটাৰ্ছ অপজিশ্যন’ বুলি কোৱা হয়।

ফৰ্বছ আলোচনীয়ে প্ৰদান কৰা তথ্য অনুসৰি আজি ​​শনিবাৰে বৃহস্পতি গ্ৰহ চোৱাৰ বাবে এই সময়ৰ আগে পিছে এমাহ ধৰি এই বিস্ময়কৰ পৰিঘটনাটো পৰ্যবেক্ষণ কৰাৰ সুযোগ থাকিব। সৰু টেলিস্কোপ বা সাধাৰণ দূৰবীণেৰেও এই গ্ৰহৰ সৌন্দৰ্য্য উপভোগ কৰিব পৰা যাব।

এনে বিৰল মহাজাগতিক ঘটনাই সৌৰজগতৰ ৰহস্য আৰু সৌন্দৰ্য্যৰ প্ৰতি মানুহৰ কৌতুহল বৃদ্ধি কৰে।

শুকুৰবাৰে বৃহস্পতি গ্ৰহ পৃথিৱীৰ পৰা প্ৰায় ৩৮০ মিলিয়ন কিলোমিটাৰ বা ৩৮ কোটি কিলোমিটাৰ দূৰত আছিল বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে। এই দূৰত্বত বৃহস্পতি গ্ৰহক যথেষ্ট উজ্জ্বল দেখা যায়।

Related News