NORTHEAST NOW (Assamese)

ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটীকে ধৰি অসমৰ বহু অঞ্চলক, উৎপত্তিস্থল নগাঁও

March 21, 2021 6:02 pm · এন ই নাও নিউজ
Updated: March 21, 2021 6:26 pm

দেওবাৰে বিয়লি ৫.৫২ বজাত  এক মৃদু ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল আৰু অৰুণাচল প্ৰদেশক ।ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো স্থানৰ পৰা কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই। ভূমিকম্পটোৰ প্ৰাৱল্য আছিল  ৰিখটাৰ স্কেলত ৪.১।

ভূমিকম্পটোৰ উৎপত্তিস্থল নগাঁৱৰ ভূগৰ্ভৰ ২৫ কিলোমিটাৰ অভ্যন্তৰত বুলি নেছনেল চেণ্টাৰ ফৰ ছিচমোলজিয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য ৰাজ্যত সঘনে ভূমিকম্প হোৱাৰ কথাই  এতিয়া শংকিত কৰি তুলিছে। আজি বিয়লি হোৱা ভূমিকম্পৰ জোকাৰণি অৰুণাচলৰো বিভিন্ন অঞ্চলত অনুভূত হয়।

আজি  অৰ্থাৎ দেওবাৰে পুৱা নাগালেণ্ডৰ মোককচাঙৰ দক্ষিণ-পূব অঞ্চলক ৪.২ প্ৰাৱল্যৰ এক ভূমিকম্পই জোকাৰি গৈছে।

আনহাতে, অলপতে মিজোৰামক জোকাৰি গৈছিল আন এক ভূমিকম্পই। পুৱা ৭.২৮ বজাত অনুভূত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৬।

মিজোৰামত প্ৰায়ে ভূমিকম্প হৈ থকাৰ কথাই চিন্তিত কৰি তুলিছে ৰাজ্য খনৰ বাসিন্দাসকলক।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল চাম্ফাইৰ ভূ-গৰ্ভৰ ৪৫ কিলোমিটাৰ অভ্যন্তৰত।

Related News