পাকিস্তানৰ দুজন ধৰ্ষণকাৰীক লাহোৰৰ এখন আদালতে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছে।
আবিদ মালহি আৰু ছাফাকট হুছেইন নামৰ দুজন লোকে যোৱা বৰ্ষৰ ৯ ছেপ্তেম্বৰত এগৰাকী পাকিস্তানী-ফৰাচী মহিলাক ধৰ্ষণ কৰিছিল।
মহিলাগৰাকীয়ে দুই সন্তানৰ স’তে পাকিস্তানৰ লাহোৰৰ কাষৰীয়া এটা ঘাইপথেৰে গাড়ী চলাই গৈ আছিল।
গাড়ীৰ তেল শেষ হোৱাত মহিলাগৰাকীয়ে গাড়ীখন ৰখাওঁতে দুজন লোকে মহিলাগৰাকীক কাষৰ এখন মুকলি ঠাইলৈ লৈ যায় আৰু দুই সন্তানৰ সমুখতে আসুৰিক অত্যাচাৰ কৰে।
তদুপৰি অভিযোগপত্ৰত জনোৱা মতে, লোক দুজনে মহিলাগৰাকীয়ে পৰিধান কৰা জুৱেলাৰী আৰু নগদ টকাও কাঢ়ি লৈ উধাও হয়।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ ফলত মহিলাগৰাকী তীব্ৰ মানসিক আঘাত লাভ কৰে।
কৰাচীৰ ‘ৱাৰ এগেইনষ্ট ৰেপ’ নামৰ এটা সংস্থাই কোৱা মতে, দেশখনত সংঘটিত হোৱা যৌন অত্যাচাৰ অথবা ধৰ্ষণকাণ্ডৰ মাত্ৰ ৩ শতাংশ ভুক্তভোগীয়েহে ন্যায় লাভ কৰিছে।
সেয়ে যৌন অত্যচাৰৰ বিৰুদ্ধে আইন সংশোধন কৰাৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যষ্ট কৰিছিল।
প্ৰতিবাদৰ ফলস্বৰূপে, যোৱা বৰ্ষৰ ডিচেম্বৰত দেশখনে এখন নতুন কঠোৰ ধৰ্ষণবিৰোধী আইন প্ৰণয়ন কৰে।