NORTHEAST NOW (Assamese)

এইবাৰ ভূমিকম্পই কঁপালে পেৰু-ইকুৱেডৰ : প্ৰায় ১২ গৰাকী নিহত

March 19, 2023 7:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 19, 2023 6:33 pm

এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে দক্ষিণ আমেৰিকান দেশ পেৰু আৰু ইকুৱেডৰ। প্ৰৱল ভূমিকম্পই কঁপাই তুলিছে দেশ দুখন। ভূমিকম্পত প্ৰায় ১২ গৰাকী লোক নিহত হোৱাৰ লগতে বিস্তৰ ক্ষতিসাধনৰ সন্মুখীন হয়।

ইকুৱেডৰৰ মাচালা আৰু কুৱেংকাৰ দৰে চহৰত ভূমিকম্পৰ প্ৰভাৱ অত্যধিক হোৱা দেখিবলৈ পোৱা গৈছে। চহৰ দুখনত ভূমিকম্পই বহু এলেকা ধ্বংসস্তূপত পৰিণত কৰে।

ভূমিকম্পৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে উদ্ধাৰকাৰী গোটসমূহে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে প্ৰকাশ কৰা অনুসৰি শনিবাৰে স্থানীয় সময় অনুসৰি ১২:১২ বজাত সংঘটিত হৈছিল এই ৬.৮ প্ৰাবল্যৰ ভূমিকম্প।

প্ৰকাশিত খবৰ অনুসৰি এই প্ৰবল ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল পেৰুৰ সীমান্তৱৰ্তী ইকুৱেডৰৰ বালাও অঞ্চল। ইকুৱেডৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এক টুইটযোগে উল্লেখ কৰা মতে, ভূমিকম্পৰ ফলত এল অৰ’ প্ৰদেশত ১১ গৰাকী আৰু আজুয়াই প্ৰদেশত এগৰাকী লোকৰ মৃত্যু হয়।

গুৱায়াকিল, কুইটো, মানাবি, মান্টাকে ধৰি অন্যান্য চহৰতো ভূমিকম্পৰ কঁপনি তীব্ৰ অনুভূত হয় বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে পেৰুত বৰ্তমানলৈকে ভূমিকম্পত কোনো লোকৰ মৃত্যু হোৱা নাই তথা ক্ষয়ক্ষতিৰ পৰিমাণো সামান্য বুলি স্থানীয় কৰ্তৃপক্ষই সদৰী কৰিছে।

ইকুৱেডৰৰ ৰাষ্ট্ৰপতি গুইলেৰ্মো লাছ’ই টুইটাৰত প্ৰেৰণ কৰা এক বাৰ্তাযোগে স্থানীয় লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ তথা ক্ষয়ক্ষতিৰ বিষয়ে চৰকাৰী চেনেলৰ জৰিয়তে অৱগত কৰিবলৈ আহ্বান জনায়।

Related News