NORTHEAST NOW (Assamese)

পঁইতা ভাত খোৱাৰ বহু উপকাৰিতা

March 5, 2020 4:09 pm · এন ই নাও নিউজ

পঁইতা ভাত খোৱাৰ বহু উপকাৰিতা আছে।

আপোনাৰ যদি আলচাৰৰ সমস্যা আছে, তেন্তে পঁইতা ভাতে ইয়াক গুৰিৰ পৰা নিৰ্মূল কৰিব পাৰে।

কাৰোবাৰ যদি আলচাৰ আছে তেন্তে সপ্তাহত দুবাৰকৈ পঁইতা ভাত খাব পাৰে।

ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে যিটোৱে কেন্সাৰৰ সৈতে যুঁজাত সহায় কৰে।

ই মেদবহুলতা হ্ৰাস আৰু নিয়ন্ত্ৰণতো সহায়ক।

চাহ আৰু কফিৰ নিচা এৰুৱাব খুজিলেও আপুনি পঁইতা ভাত খাব পাৰে।

ৰাতিপুৱা শুই উঠি এই ভাত খালে চাহ, কফিৰ নিচা ত্যাগ কৰাত সহায়ক হয়।

গোটেই দিনটো শৰীৰত শক্তি ধৰি ৰখাতো ইয়াক সহায়ক হয়।

এই ভাতত বহু মাইক্ৰ’-নিউট্ৰিয়েণ্ট আৰু বহু প্ৰয়োজনীয় মিনাৰেলো পোৱা যায়।

পঁইতা ভাতে শৰীৰৰ উষ্ণতা কম কৰি ৰখাত সহায় কৰে, কাৰণ এই ভাত শীতল থাকে।

Related News