অভূতপূৰ্ব! নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই পশ্চিমবংগলৈ প্ৰেৰণৰ নিৰ্দেশ নিৰাপত্তা বাহিনীৰ ১২৫ টা কোম্পানী

a 125-companies-of-CA

পশ্চিমবংগত এতিয়া এক প্ৰকাৰৰ নৈৰাজ্য চলিছে।শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ মাজত ৰাজ্য খনত দিনক দিনে বৃদ্ধি পাইছে ৰক্তাক্ত সংঘৰ্ষ।

বিগত ছটা মাহত পশ্চিমবংগত বিৰোধী দলৰ বহু নেতা কৰ্মীক হত্যা কৰা হৈছে। বিজেপিৰ সভাপতি জেপি নাড্ডাৰ কনভয়ৰ ওপৰতো আনকি তৃণমূলৰ কৰ্মীয়ে আক্ৰমণ সংঘটিত কৰিছে।

মুঠৰ ওপৰত বিজেপিৰ কোনো এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অথবা নেতাই এতিয়া পশ্চিমবংগলৈ নিৰ্ভয়ে যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

ভাৰতৰে অংগ ৰাজ্য এখনলৈ গৈ বাৰে বাৰে বিজেপিৰ বহু শীৰ্ষ নেতাই প্ৰতিৰোধৰ সন্মুখীন হ’বলগীয়া হৈছে।

এনে পৰিস্থিতিত সেয়ে বংগ কন্যা মমতাৰ ওপৰত যেন মুঠেও ভৰসা কৰিব পৰা নাই কেন্দ্ৰীয় নিৰ্বাচন আয়োগে।

সেয়ে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই কেন্দ্ৰীয় নিৰ্বাচন আয়োগে পশ্চিমবংগলৈ প্ৰেৰণৰ নিৰ্দেশ দিছে নিৰাপত্তা বাহিনীৰ ১২৫ টাকৈ কোম্পানী।

ৰাজ্য খনলৈ ইয়াৰ পূৰ্বে ইমান বেছি সংখ্যক নিৰাপত্তা বাহিনীৰ কোম্পানী কেতিয়াও প্ৰেৰণ কৰা হোৱা নাছিল। পূৰ্বে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতহে সীমিত সংখ্যক নিৰাপত্তা হ=বাহিনীৰ কোম্পানী পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু এইবাৰ তাৰ ব্যক্তিক্ৰম ঘটিছে। অহা ২৫ ফেব্ৰিুৱাৰীৰ ভিতৰত পশ্চিমবংগত গৈ উপস্থিত হ’ব নৰিাপত্তা বাহিনীৰ ১২৫ টা কোম্পানী। এই কোম্পানীসমূহৰ ভিতৰত ৬০ টা চিআৰপিএফৰ,৩০ টা এছএছবিৰ,২৫ টা বিএছএফৰ,চিআইএছ আৰু আইটিবিপিৰ ৫টাকৈ কোম্পানী থাকিব।নিৰাপত্তা বাহিনীৰ বাবদ হোৱা সমূদায় খৰচ পশ্চিমবংগ চৰকাৰে বহন কৰিব লাগিব।

উল্লেখ্য পশ্চিমবংগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত প্ৰেৰণ কৰা হৈছিল মাত্ৰ ৩০ টা নিৰাপত্তা বাহিনীৰ কোম্পানী।

একেদৰে ৰাজ্য খনত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত প্ৰেৰণ কৰা নিৰাপত্তা বাহিনীৰ কোম্পানীৰ সংখ্যা আছিল ৪০ টা।

এইবাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ১২৫ টাকৈ কোম্পানী প্ৰেৰণৰ বাবে নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশে পশ্চিবংগত ভাগি পৰা আইন-শৃংখলাৰ দিশটোকে দৃষ্টিকটু ভাবে উদঙাই দিছে।