বিজেপি বিধায়কৰ বাহনত ইভিএম! চাৰি নিৰ্বাচনী বিষয়াক নিলম্বন নিৰ্বাচন আয়োগৰ

EVMs-750x375

পাথাৰকান্দিত এগৰাকী বিজেপি বিধায়কৰ বাহনত কেইবাটাও ইভিএম উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আজি নিৰ্বাচন আয়োগে ঘটনাটো সন্দৰ্ভত চাৰিজন নিৰ্বাচনী বিষয়াক নিলম্বন কৰাৰ  নিৰ্দেশ দিয়ে।

নিলম্বিত বিষয়া কেইগাৰীৰ ভিতৰত এগৰাকী পোলিং বিষয়া আৰু তিনিগৰাকী আন নির্বাচনী বিষয়া আছে।

কেউগৰাকী নিৰ্বাচনৰ সৈতে জৰিত বিষয়াই নিৰ্বাচন আয়োগৰ পৰিবহন বিধি উলংঘা কৰাৰ অভিযোগতে তেওঁলোকক নিলম্বন কৰা হয়।

উল্লেখ্য দক্ষিণ অসমৰ পাথাৰকান্দিত এগৰাকী বিজেপি বিধায়কৰ গাড়ীত ইভিএম কঢ়িওৱাৰ অভিযোগ তুলি এটা ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে উত্তেজনাৰ সৃষ্টি হয়।

বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰাৰ মাত্ৰ কেইঘন্টামান পাছতে ভিডিঅ’টো পোহৰলৈ আহে।

পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ গাড়ীত ইভিএম কঢ়িওৱা হৈছিল।

ভিডিঅ’টোত দেখা গৈছে যে AS 10B 0022 নম্বৰৰ পঞ্জীয়ন থকা এখন বগা জীপৰ ভিতৰত ইভিএমবোৰ আছিল।

ভিডিঅ’টোত জীপখন কৃষ্ণেন্দু পালৰ বুলি কোৱা শুনা গৈছিল।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ, দলটোৰ অসমৰ দায়িত্ববাহী জিতেন্দ্ৰ সিঙকে ধৰি কেইবাগৰাকীও নেতাই টুইটাৰত ভিডিঅটো শ্বেয়াৰ কৰিছে।

প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচন আয়োগক ইভিএমবোৰৰ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণভাৱে পুনৰ্মূল্যায়নৰ বাবে আৰ্জি জনাইছে।

গান্ধীয়ে টুইটাৰত কয়, ‘’নিৰ্বাচন আয়োগে এই অভিযোগসমূহৰ বিষয়ে গুৰুত্বসহকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো ৰাষ্ট্ৰীয় দলৰ দ্বাৰা ব্যৱহৃত ইভিএমসমূহৰ এক ছিৰিয়াছ পুনৰ্মল্যায়নৰ প্ৰয়োজন।‘’