NORTHEAST NOW (Assamese)

জিএমচিৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাক ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে সাধাৰণ পৰ্যবেক্ষক নিযুক্তি

March 18, 2021 1:01 pm · এন ই নাও নিউজ

ভাৰতৰ নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগমৰ (জিএম চি) আয়ুক্ত দেৱজ্যোতি হাজৰিকাক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫খন ৰাজ্য ক্ৰমে অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালাৰ সাধাৰণ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।

অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক বিষয়া দেৱজ্যোতি হাজৰিকাক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩২৪ৰ অধীনত ৫খন ৰাজ্যৰ সাধাৰণ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

বুধবাৰে এক নিৰ্দেশনা যোগে দেৱজ্যোতি হাজৰিকাক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

সাধাৰণ পৰ্যবেক্ষক হিচাপে দেৱজ্যোতি হাজৰিকাই নিৰ্বাচন আয়োগৰ নিৰীক্ষণ, শৃংখলাবদ্ধতা, নিয়ন্ত্ৰণ আদি বিষয়ত মনোনিৱেশ কৰিব।

অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালা-এই ৫খন ৰাজ্যত অহা ২৭ মাৰ্চৰ পৰা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

এই পাঁচোখন ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা অহা ২মে’ত সম্পন্ন কৰা হ’ব।

Related News