নিৰ্বাচনী প্ৰচাৰত কৰিব নোৱাৰিব এইবোৰ কাম; ৰাজনৈতিক দলসমূহলৈ আয়োগৰ নিৰ্দেশনা জাৰি

সমাগত লোকসভা নিৰ্বাচন। এতিয়া মাত্ৰ তাৰিখ ঘোষণাৰ বাবে অপেক্ষা। ইতিমধ্যে সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে। আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে। এই সকলোবোৰৰ মাজতে ৰাষ্ট্রীয় নির্বাচন আয়োগে সকলো ৰাজনৈতিক দল, প্রার্থী আৰু তাৰকা প্রচাৰকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ আয়োগে কৰণীয় আৰু কৰিব নলগাৰ তালিকাও প্ৰকাশ কৰিছে।

নিৰ্দেশনাত ভোটাৰৰ জাতিগত বা ধৰ্মীয় আৱেগৰ ভিত্তিত মন্তব্য দিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে। দুটা ভিন্ন জাতি, গোট বা ধৰ্মীয় বা ভাষিক জনগোষ্ঠীৰ মাজত উত্তেজনা বৃদ্ধি কৰা বা ঘৃণাক উচটনি দিয়া কোনো কাম কৰিব নোৱাৰিব।

লগতে পঢ়কঃ INDIAত সকাহঃ মহাৰাষ্ট্ৰত আসন ভাগ-বতৰাত মহা বিকাশ আঘাড়ীৰ সেউজ সংকেত

ভোটাৰক বিপথে পৰিচালিত কৰিবলৈ কোনো বাস্তৱিক ভিত্তি নথকা কোনো ধৰণৰ ভুৱা মন্তব্য বা বক্তব্য দিব নোৱাৰিব। ৰাষ্ট্রীয় নির্বাচন আয়োগে প্রমাণিত নোহোৱা কোনো অভিযোগক লৈ কোনো ৰাজনৈতিক দল বা কোনো নেতাক আক্রমণ নকৰিবলৈ পৰামৰ্শ দিছে ৷

আনহাতে, আন আন দলৰ নেতাসকলৰ ব্যক্তিগত জীৱন সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে আয়োগে। কেৱল আন পক্ষক অপমান কৰিবলৈকে কৰা ব্যক্তিগত আক্ৰমণ যে কেতিয়াও বাঞ্ছনীয় নহয় তাকেই সোঁৱৰাই দিছে।

লগতে পঢ়কঃ ফ্লপ শ্ব’ত পৰিণত হ’ল নেকি মিছন বসুন্ধৰা ? চাহ জনগোষ্ঠী, আদিবাসী আৰু মৰাণ-মটক জনগোষ্ঠীৰ লোকক বঞ্চিত কৰিছে চৰকাৰে

নিৰ্বাচন আয়োগে জনোৱা মতে কোনো মন্দিৰ, মছজিদ, গীৰ্জা বা গুৰদ্বাৰা বা আন কোনো ধৰ্মীয় স্থান প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ সময়ত ৰাজনৈতিক দল আৰু নেতাসকলক সাৱধান হ’বলৈও পৰামৰ্শ দিছে আয়োগে। আনটো দলৰ নেতা বা দলক অপমান কৰিবলৈ কোনো আপত্তিজনক বিষয়বস্তু ছ’চিয়েল মিডিয়াত পোষ্ট বা শ্বেয়াৰ কৰিব নোৱাৰিব বুলি আয়োগে নিৰ্দেশনাত স্পষ্ট কৰি দিছে।