এইবাৰ ‘অৰ্থনৈতিক জিহাদ’! হালাল মাংস সন্দৰ্ভত অদ্ভুত মন্তব্য বিজেপিৰ সাধাৰণ সম্পাদকৰ

Halal Meat in Karnataka

হিজাব বিতৰ্কৰ পাছত এইবাৰ কৰ্ণাটকত সৃষ্টি হৈছে হালাল মাংস বিতৰ্ক। বিগত কিছুদিন ধৰি ৰাজ্যখনত হালাল মাংস সন্দৰ্ভত তীব্ৰ বিবাদৰ সৃষ্টি হৈছে। ৰাজ্যখনত হালাল মাংসৰ প্ৰচলন বন্ধ কৰিবলৈ দাবী জনাইছে বিজেপিয়ে।

এনে সময়তে ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) সাধাৰণ সম্পাদক চি টি ৰবিয়ে কৰিছে এক অদ্ভুত মন্তব্য। ৰবিয়ে বুধবাৰে কয় যে হালাল মাংসৰ ব্যৱসায় এক প্ৰকাৰৰ ‘অৰ্থনৈতিক জিহাদ’।

“হালাল মাংসৰ ব্যৱসায় হৈছে এক প্ৰকাৰৰ ‘অৰ্থনৈতিক জিহাদ’। হালাল মাংসৰ ধাৰণাটোৰ অৰ্থ হৈছে যে তেওঁলোকে নিজৰ মাজত ব্যৱসায় কৰিব পাৰে। কেৱল তেওঁলোকৰ লোকসকলৰ মাজত হালাল মাংস খাব পাৰে।”— সাংবাদিকৰ আগত ৰবিয়ে কয়।

ইফালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই বুধবাৰে কয় যে ৰাজ্য চৰকাৰে ‘হালাল’ মাংসৰ বিষয়টোৰ সন্দৰ্ভত গুৰুত্ব দিছে, কিয়নো এতিয়া এই সন্দৰ্ভত গুৰুতৰ আপত্তি উত্থাপন কৰা হৈছে।

আনহাতে কৰ্ণাটকৰ বিৰোধী নেতাসকলে অহা বছৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইচ্ছাকৃতভাৱে এনে ধৰণৰ বিষয় উত্থাপন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেই কয় যে বিজেপিয়ে কৰ্ণাটকক উত্তৰ প্ৰদেশলৈ পৰিৱৰ্তন কৰিব বিচাৰে।

তেওঁ কয়, “মই ভাবো বিজেপিয়ে কৰ্ণাটকত ভেঁটি হেৰুৱাইছে আৰু সেয়ে তেওঁলোকে এতিয়া কৰ্ণাটকক উত্তৰ প্ৰদেশ বনাব বিচাৰে। তেওঁলোকৰ মানুহৰ কাষ চপাৰ কোনো উপায় নাই।”

“সেয়েহে তেওঁলোকে কাশ্মীৰ ফাইল, সংখ্যালঘুসকলৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত নিষেধাজ্ঞা আৰু এতিয়া হালাল মাংসৰ দৰে বিষয় আনিছে। এইটো কেৱল এটা নিৰ্বাচনী কৌশল।”— খাৰ্গেই লগতে কয়।

আনহাতে কংগ্ৰেছ বিধায়ক দিনেশ গুণ্ডু ৰাৱে কয় যে মানুহৰ সমস্যাৰ লগত জড়িত প্ৰকৃত বিষয়বোৰ উপেক্ষা কৰা হৈছে।

ৰাৱে কয়, “হালাল মাংস নে হালাল নকৰা মাংস কোনে চিন্তা কৰে? যদি মানুহে হালাল মাংস কিনিব বিচাৰে তেওঁলোকে কিনিব আৰু যদি মানুহে হালাল মাংস কিনিব নিবিচাৰে, তেওঁলোকে ক্ৰয় নকৰে। কোনো নিয়ম নাই।”

“এইটো নিশ্চয় এটা কেন্দ্ৰীভূত লক্ষ্য। দেশৰ বাবে ই অতি ভয়ানক। মই বোম্মাই চৰকাৰৰ দৃষ্টিভংগীক গৰিহণা দিছো।”— তেওঁ লগতে কয়।