ধনৰ অবৈধ লেনদেনৰ অভিযোগত ICICIৰ প্ৰাক্তন চিইঅ’ চন্দা কোচাৰৰ পতিক EDৰ গ্ৰেপ্তাৰ

ICICI-Videocon-case-Chanda-Kochhars-husband-arrested-by-ED-over-money.cms

ব্যৱসায়ী দীপক কোচাৰ। ফটো সৌজন্য: টাইমছ নাও

বেআইনীভাৱে ৭৮৬২কোটি টকাৰ ঋণ পোৱাৰ গোচৰত আইচিআইচিআই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী (চিইঅ’) চন্দা কোচাৰৰ পতি দীপক কোচাৰক সোমবাৰে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে।

চন্দা কোচাৰে বিভিন্ন সময়ত নিজৰ ক্ষমতাৰৰ অপব্যৱহাৰ কৰি ভিডিঅ’কনক ঋণ দিয়া সন্দৰ্ভত অহা অভিযোগৰ গোচৰ চলি আছে।

বিভিন্ন তদন্তকাৰী সংস্থাই এই গোচৰৰ তদন্ত চলাই আছে। এইবাৰ ইডিৰ ৰোষত পৰিল চন্দা কোচাৰৰ পতি দীপক কোচাৰ।

ব্যৱসায়ী দীপক কোচাৰৰ ওপৰত দুৰ্নীতি তথা ধনৰ অবৈধ লেনদেনৰ অভিযোগ আছে। আনকি চিবিআইৰ চাৰ্জশ্বীটতো দুয়োজনৰে নাম আছে।

ইডিয়ে কেইবাবাৰো দীপক কোচাৰক জেৰা কৰাৰ পাছত অৱশেষত গ্ৰেপ্তাৰ কৰে।

ভিডিঅ’কনৰ মুৰব্বী বেনুগোপাল ধুতে দীপক কোচাৰৰ সৈতে এটা কোম্পানীত বিনিয়োগ কৰাৰ পাছত তেওঁৰ শ্বেয়াৰ দীপক কোচাৰক বিক্ৰী কৰি দিয়াৰ প্ৰথম অভিযোগ উঠাৰ পাছতে তদন্ত আৰম্ভ হৈছিল।

বোৰ্ডৰ পৰা প্ৰথমতে সমৰ্থন লাভ কৰিছিল যদিও ২০১৮ৰ অক্টোবৰত চন্দা কোচাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছত তেওঁক বেংকটোৱে অপসাৰণ কৰে।

চন্দা কোচাৰে ভিডিঅ’কনক মুঠতে ২৪বাৰত ৭৮৬২কোটি টকাৰ ঋণ দিছিল। ২০০৯ৰ পৰা ২০১৭ৰ ভিতৰত এই ঋণসমূহ দিয়া হৈছিল।

আনহাতে, এই ঋণৰ বিনিময়ত বেনুগোপালে ২০০৯ত দীপক কোচাৰক ৬৪কোটি টকা আদায় দিছিল বুলি ইডি তথা চিবিআইয়ে অভিযোগ কৰিছে।

এই সমস্ত বিষয়টোৰ এতিয়া তদন্ত চলি আছে।