এমৱেৰ বিপদ: ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে

বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো বৃহৎ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা এমৱেৰ সন্মুখত পুনৰ আহি পৰিছে বিপদ।

অবৈধ ভাবে ধন সৰবৰাহ কৰাৰ অভিযোগত আজি ভাৰত চৰকাৰৰ এনফোৰ্চমেণ্ট সঞ্চালকালয়ে এমৱে ইণ্ডিয়া এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেডৰ ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে।

অনুসন্ধানকাৰী সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি বাজেয়াপ্ত কৰা সম্পত্তিসমূহৰ ভিতৰত আছে তামিলনাডুৰ ডিণ্ডিগুল জিলাত থকা এমৱেৰ উৎপাদন গোটৰ কাৰখানা, সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰপাতি, বাহন, বেঙ্ক একাউণ্ট আৰু ফিক্সড ডিপোজিট।

এনফোৰ্চমেণ্ট সঞ্চালকালয়ে ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ লগতে এমৱেৰ ৩৬ টা বিভিন্ন একাউণ্টৰ পৰা ৩৪৫.৯৪ কোটি টকাৰ বেংক বেলেন্স জব্দ কৰিছে।

সংস্থাটোৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে এমৱেই দীৰ্ঘদিন ধৰি বিপণন নেটৱৰ্কৰ ৰূপত থাকি অৰ্থনৈতিক জালিয়াতিৰে ধন সৰকাই আছে।

এমৱেই সামগ্ৰীৰ মূল্য বজাৰত উপলব্ধ একেধৰণৰ সামগ্ৰীৰ মূল্যতকৈ বহু বেছি পৰিমাণে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰি থকা বুলিও এনফোৰ্চমেণ্টৰ বিষয়াসকলে মন্তব্য কৰে।

দেশৰ সাধাৰণ শ্ৰেণীৰ লোকসকলক বিভিন্ন ধৰণে প্ৰলোভিত কৰি কোম্পানীটোৱে ব্যাপক হাৰত ধন সংগ্ৰহ কৰি থকা বুলিও বিষয়াসকলে মন্তব্য কৰে।