NORTHEAST NOW (Assamese)

বিদেশী বিনিয়োগৰ জালিয়াতি! বিবিচি ইণ্ডিয়াক কেইবা কোটি টকাৰ জৰিমনা বিহিলে ইডিয়ে

February 22, 2025 2:50 pm · এন ই নাও নিউজ, গুৱাহাটী

বিদেশী বিনিয়োগৰ সৈতে জড়িত জালিয়াতিৰ গোচৰত বিবিচি ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে।

শুকুৰবাৰে বিবিচি ইণ্ডিয়াক প্ৰায় ৩. কোটি টকা জৰিমনা বিহিছে ইডিয়ে। কেৱল এয়াই নহয়, কেন্দ্ৰীয় সংস্থাটোৱে এই কোম্পানীটোৰ তিনিজন সঞ্চালককো .১৪ কোটি টকাৰ জৰিমনা বিহিছে

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা বিবিচিৰ বিৰুদ্ধে তদন্ত কৰি আহিছেকোম্পানীটোৰ বিৰুদ্ধে বৈদেশিক মুদ্ৰা বিনিয়োগৰ নীতি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল

২০১৯ চনত জাৰি কৰা নিয়ম অনুসৰি এটা ডিজিটেল মিডিয়া কোম্পানীয়ে সৰ্বাধিক ২৬ শতাংশ বিদেশী বিনিয়োগ কৰিব পাৰেকিন্তু সেই নিয়ম উলংঘা কৰি বিবিচি ইণ্ডিয়াই নিজৰ সংস্থাত ১০০ শতাংশ বিদেশী বিনিয়োগ বজাই ৰাখিছিলযিটো সম্পূৰ্ণ অবৈধইয়াৰ পৰিপ্ৰেক্ষিতত ইডিয়ে এতিয়া এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ ভাৰতীয় শাখাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে

শুকুৰবাৰে ইডিয়ে কয় যে বিদেশী বিনিয়োগ নীতি উলংঘা কৰাৰ বাবে বিবিচি ইণ্ডিয়াক ৩,৪৪,৪৮,৮৫০ টকা জৰিমনা বিহা হৈছে। একে সময়তে ২০২১ চনৰ ১৫ অক্টোবৰৰ পৰা কেন্দ্ৰৰ নিৰ্দেশনা মানি নচলাৰ বাবে প্ৰতিটো দিনৰ বাবে ৫,০০০ টকা অতিৰিক্ত জৰিমনা বিহা হৈছে।

কেৱল সেয়াই নহয়, এই কোম্পানীটোৰ তিনিজন পৰিচালক গিলছ এণ্টনি হাণ্ট, ইন্দু শেখৰ সিনহা আৰু পল মাইকেল গিবনছক ব্যক্তিগতভাৱে ,১৪,৮২,৯৫০ টকা জৰিমনা বিহা হৈছে

অৱশ্যে ভাৰতৰ মাটিত বিবিচিৰ বিতৰ্ক নতুন কথা নহয়। ২০২৩ চনত বিবিচিৰ তথ্যচিত্ৰIndia: The Modi Question -এ দেশজুৰি এক জোঁকাৰণিৰ সৃষ্টি কৰিছিল। য’ত গোধৰা ট্ৰেজেডীত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

ইয়াৰ পিছত আয়কৰ বিভাগে দিল্লী আৰু মুম্বাইত থকা বিবিচি ইণ্ডিয়াৰ কাৰ্যালয়ত অভিযান চলাইছিল। প্ৰায় ৬০ ঘণ্টা ধৰি সংগঠনটোৰ কাৰ্যালয়ত তালাচী চলোৱা হৈছিল। প্ৰায় ৪০ কোটি টকাৰ কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল কোম্পানীটোৰ বিৰুদ্ধে

ইপিনে আয়কৰ বিভাগে দাবী কৰিছে যে লাভ কৰা নথিপত্ৰত এনেধৰণৰ বিভিন্ন অসামঞ্জস্যতা আছেআনকি বিবিচিৰ কৰ্মচাৰীয়ে তদন্তত সঠিকভাৱে সহযোগ নকৰাৰ লগতে তদন্তৰ গতি লেহেমীয়া কৰিবলৈ চেষ্টা কৰা বুলিও দাবী কৰা হৈছে

অৱশ্যে বিবিচিয়ে কয় যে, “আমি আয়কৰ বিভাগৰ সৈতে সহযোগিতা কৰিমআমি আশা কৰিছো বিষয়টো সোনকালে সমাধান ।”

Related News