• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ‘আপ’ৰ প্ৰতিক্ৰিয়া : বাংলাদেশী বহিষ্কাৰ, আন্তঃৰাজ্যিক সীমা সমস্যা, জনজাতিকৰণ সন্দৰ্ভত পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 3:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডভান্টেজ অসম ২.০ বিনিয়োগ সন্মিলন উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব। অসম ভ্ৰমণৰ এই সময়চোৱাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰুসজাই ষ্টেডিয়ামত অসমৰ চাহ জনগোষ্ঠী, আদিবাসী সকলৰ ঝুমুৰ নৃত্যৰ অনুষ্ঠান উপভোগ কৰিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীলৈ আদৰণি জনাইছে আম আদমী পাৰ্টিয়ে।

আজি আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে।

Apply Now

সংবাদমেলত আপৰ জ্যেষ্ঠ নেতাগৰাকীৰ প্ৰশ্ন , “২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে ১৬ মে‘ৰ ভিতৰত অবৈধ বাংলাদেশী বিতাড়ন কৰা হ‘ব বুলি অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ কি হ‘ল? CAA প্ৰণয়নৰ জৰিয়তে মোদী চৰকাৰে বাংলাদেশী বহিস্কাৰৰ পৰিবৰ্তে বাংলাদেশী নাগৰিকক সংস্থাপন কৰাৰ বাবে ব্যৱস্থা কৰিলে। অসমবাসীৰ প্ৰতি এই প্ৰৱঞ্চনা কিয়? অসম চুক্তিৰ ৬ নং দফা ৰূপায়নক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰে বৰ্তমানলৈকে গ্ৰহণ কৰা নাই।  অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ প্ৰশ্নত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সোপাঢিলা নীতি কিয়?”

সংবাদমেলত ডাঃ চৌধুৰীয়ে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দীৰ্ঘ দিনৰ পৰা আভুৱা ভাঁৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ কাৰ্যসূচীৰ মাজতে জনজাতিকৰণৰ বিষয়টোত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিবলৈ তেওঁ দাবী জনায়।

প্ৰধান মন্ত্ৰী মোদী আৰু বিজেপি দলে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে কয়, “ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে বিজেপিয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰি বান – গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ  প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত দিনত এই প্ৰতিশ্ৰুতি ৰূপায়ন কৰা নাই। বিধ্বংসী বানে অসম বিধ্বস্ত কৰাৰ সময়তো প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীৰ খবৰ ল‘বলৈ আহৰি পোৱা নাই। অথচ আজি অসমৰ ঝুমুৰ নৃত্য উপভোগ কৰিবলৈ সময় উলিয়াব পাৰিছে। প্ৰধানমন্ত্ৰীয়ে কথাই কথাই উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষী বুলি কয়। কিন্তু অষ্টলক্ষীৰ সন্তানৰ সমস্যা সমাধানত তেওঁৰ আন্তৰিকতা নাই। অসমৰ আন্তঃৰাজ্যিক সীমা সমস্যা, ৰাজ্যৰ নিৱনুৱা সমস্যা, আদিৰ সমাধানত কোনোদিনে গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰে।”

সংবাদমেলত মণিপুৰৰ প্ৰসংগ উত্থাপন কৰি ডাঃ চৌধুৰীয়ে কয়, “প্ৰায় এবছৰ ধৰি মণিপুৰ জ্বলি থকাৰ সময়ত মণিপুৰবাসীৰ সমস্যাৰ বুজ ল’বলৈ এদিনো উত্তৰ পূৱলৈ নহা প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যে প্ৰকৃততে আন্তৰিকতা নাই সেই কথা স্পষ্ট হৈছে। ঝুমুৰ নৃত্য কাৰ্যসূচী উপভোগ কৰিবলৈ আহোতে প্ৰধানমন্ত্ৰীয়ে এবাৰ মণিপুৰ ভ্ৰমণ কৰি আহক। কিমান মানুহৰ ঘৰ জ্বলিল, কিমান জনৰ মৃত্যু হ’ ল, কিমান মহিলা ধৰ্ষিতা হ’ল সেই খবৰ লওঁক। প্ৰধানমন্ত্ৰীয়ে পাহৰি যোৱা উচিত নহয় যে মণিপুৰো ভাৰতৰ অংগৰাজ্য। মণিপুৰো আমাৰ নিজৰ।”

সংবাদমেলত দলৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য চাবলৈ অহা প্ৰধানমন্ত্ৰীক চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। চাহ বাগিচা অঞ্চলত স্থাপিত মডেল স্কুলৰ আন্তঃগাঁথনি নিৰ্মাণৰ লগতে শৈক্ষিক মান উন্নত কৰাৰ বাবে চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈ ডেকাৰজাই আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd