NORTHEAST NOW (Assamese)

এইবাৰ ইডিৰ নজৰত পৰিবহণ মন্ত্ৰী; কেলেংকাৰীৰ গোচৰত আজি হাজিৰ হ’বলৈ নিৰ্দেশ

March 30, 2024 11:41 am · এন ই নাও নিউজ, গুৱাহাটী
দিল্লী চৰকাৰৰ পৰিবহন মন্ত্ৰী কৈলাশ গেহলট। ফাইল ফটোঃ সংগ্ৰহীত।

লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। ইতিমধ্যে কাৰাগাৰত আছে আপৰ কেইবাজনো নেতা। খোদ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো ইডিৰ জিম্মাত। কিন্তু এইবাৰ ইডিয়ে মাতিলে আপৰ আন এজন মন্ত্ৰীক।

দিল্লীৰ আবকাৰী নীতিৰ সৈতে জড়িত বিত্তীয় জালিয়াতিৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে শনিবাৰে বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মন্ত্ৰী কৈলাশ গেহলটক চমন জাৰি কৰে। প্ৰশ্ন হৈছে আজিয়েই মন্ত্ৰীগৰাকী উপস্থিত হব নে নাই ? সকলোৱে তালৈ চাই ৰৈছে।

লগতে পঢ়কঃ মধ্যবিত্তৰ মূৰত ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেৰাচিটামলকে ধৰি ৮০০ বিধ ঔষধৰ দাম

তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে কৈলাশ গেহলট সুৰা নীতিৰ খচৰা প্ৰস্তুত কৰা গ্ৰুপটোৰ অংশ আছিল আৰু সেই খচৰা দক্ষিণৰ গ্ৰুপটোক ফাদিল কৰা হৈছিল। তদুপৰি, এইগৰাকী আপ নেতাৰ বিৰুদ্ধে দক্ষিণৰ সুৰা ব্যৱসায়ী বিজয় নায়াৰক নিজৰ চৰকাৰী বাসগৃহ দিয়াৰ অভিযোগো উত্থাপন হৈছে।

ইয়াৰ পূৰ্বে ইডিয়ে জনাইছিল যে এই সময়ছোৱাত কৈলাশ গেহলটে কেইবাবাৰো মোবাইল নম্বৰ সলনি কৰিছিল। দিল্লীৰ আম আদমি পাৰ্টি চৰকাৰৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলট। তেওঁক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়।

লগতে পঢ়কঃ মানুহৰ গাৰ ছালেৰে বন্ধোৱা কিতাপ! অৱশেষত বাইণ্ডিং আঁতৰাই পেলোৱাৰ সিদ্ধান্ত হার্ভাৰ্ডৰ

উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক যোৱা ২১ মাৰ্চত দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ১ এপ্ৰিললৈকে ইডিৰ জিম্মাত থাকিব কেজৰিৱাল।

Related News