NORTHEAST NOW (Assamese)

সঞ্জয় ৰাউতৰ পৰা ১১ লাখ টকা, অৰ্পিতা মুখাৰ্জীৰ পৰা ৫০ কোটি টকা উদ্ধাৰ ইডিৰ

August 2, 2022 5:08 pm · এন ই নাও নিউজ,গুৱাহাটী

ইডিয়ে আজি দুটা পৃথক ঘটনাত সঞ্জয় ৰাউতৰ পৰা ১১ লাখ টকা, অৰ্পিতা মুখাৰ্জীৰ পৰা ৫০ কোটি টকা উদ্ধাৰ কৰে। শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত আৰু অৰ্পিতা মুখাৰ্জীৰ (বৰ্তমান বৰ্খাস্ত মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী) পৰা বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণজব্ধ কৰিবলৈ সক্ষম হৈছে। অনুসন্ধানকাৰী সংস্থাটোৱে মুম্বাইৰ এখন আঁচনিত হোৱা অনিয়মৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ৰাউতৰ বাসগৃহৰ পৰা ১১.৫০ লাখ টকাৰ নগদ ধন জব্দ কৰিছে। একেদৰে পশ্চিম বংগ ৰাজ্যিক শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত থকা অৰ্পিতাৰ ফ্লেটৰ পৰা ৫০ কোটি টকা নগদ আৰু সোণ জব্দ কৰা হৈছে।

উল্লেখ্য আয়কৰ বিভাগৰ অনুমোদিত সীমা অনুসৰি সোণ বা সোণৰ গহনা ৰখাৰ ক্ষেত্ৰত বিবাহিত মহিলাই সৰ্বাধিক ৫০০ গ্ৰাম ,অবিবাহিত মহিলাই সৰ্বাধিক ২৫০ গ্ৰাম আৰু পৰিয়ালৰ পুৰুষ সদস্যই ১০০ গ্ৰাম সোণ লগত ৰাখিব পাৰে। উল্লেখ্য পশ্চিম বংগ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা পৰিষদত নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাই থকা কেন্দ্ৰীয় সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আজি তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ আৱাসিক চৌহদৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় ২০ কোটি টকাৰ নগদ ধন।

শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত অভিযুক্ত কেইবাগৰাকীও ব্যক্তিৰ বাসস্থান চৌহদত তালাচী অভিযান চলাই থকাৰ সময়তে কেন্দ্ৰীয় সংস্থাটোৱে এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে।

এই বৃহৎ পৰিমাণৰ ধনৰাশি পশ্চিম বংগ বিদ্যালয় সেৱা আয়োগ কেলেংকাৰীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইডি- ৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অনুসন্ধানকাৰী দলটোৱে এই বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে ২০ টাতকৈও অধিক মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

এই মোবাইল ফোনসমূহ কেলেংকাৰীৰ উদ্দেশ্যে বিভিন্ন সময়ত ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে বুলি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

এই কেলেংকাৰীৰ সৈতে জড়িত অভিযুক্ত ব্যক্তিসকলৰ চৌহদৰ পৰা ইডিয়ে বহু আপত্তিজনক নথিপত্ৰ, সন্দেহজনক কোম্পানীৰ বিৱৰণ, ইলেক্ট্ৰনিক সঁজুলি, বিদেশী মুদ্ৰা আৰু সোণ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।

Related News