ইডিৰ তালাচী: প্ৰায় ১৫ ঘণ্টাৰ মাৰাথন অভিযানত আমিৰ খানৰ ঘৰৰ পৰা উদ্ধাৰ ১৮ কোটি টকা

প্ৰায় ১৫ ঘণ্টা মাৰাথন তালাচী অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াসকলে কলকাতাৰ গাৰ্ডেনৰিচৰ ব্যৱসায়ী আমিৰ খানৰ ঘৰৰ পৰা ওলাই যায়। শনিবাৰে পুৱা প্ৰায় ৮-৩০বজাত ইডিয়ে কলকাতাৰ গাৰ্ডেনৰিচকে ধৰি ৬টা স্থানত তালাচী অভিযান আৰম্ভ কৰে। কেৱল গাৰ্ডেনৰিচত আমিৰৰ ঘৰৰ পৰাই নগদ ১৭.৩২ কোটি টকা উদ্ধাৰ কৰা হৈছে।

ইডিৰ এক সূত্ৰ অনুসৰি ইয়াৰ উপৰিও তেওঁৰ নিউটাউন কাৰ্যালয়ৰ পৰাও কেইবা কোটি নগদ ধন উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: আঁৰত ৰহস্য! ৫২ বছৰ বয়সত NEET-ৰ মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিও মেডিকেল নপঢ়ে প্ৰদীপে

শনিবাৰে ৰাতিপুৱা বেংক কৰ্মচাৰীসকলে গাৰ্ডেনৰিচত আমিৰৰ ঘৰত টকা গণনা কৰিবলৈ আৰম্ভ কৰে। ঘৰটোত আৰু টকা আছে নে নাই জানিবলৈ ইডিৰ বিষয়াসকলে তালাচী চলাই আছিল। ৰাতিপুৱাৰ পৰা নিশালৈকে নোট গণনা যন্ত্ৰত আমিৰৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা ধন গণনাৰ কাম অব্যাহত আছিল।

এটা সময়ত নগদ ধন ভৰ্তি ট্ৰাংকে ট্ৰাংকে টকা আমিৰৰ ঘৰৰ বাহিৰত ৰখাই থোৱা এখন ট্ৰাকত তোলা হয়। সেইদৰে, আমিৰৰ ঘৰত এটাৰ পিছত এটা খালী ট্ৰাংক সুমুৱাই দিয়া হৈছে। উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ ধন সেই ট্ৰাংকবোৰত লৈ যোৱা হয়। ইডি সূত্ৰৰ মতে উদ্ধাৰ হোৱা টকাৰ পৰিমাণ হৈছে ১৭.৩২ কোটি টকা। ধন উদ্ধাৰ হোৱাৰ পিছত আমিৰৰ ঘৰৰ লোকসকলকো সোধা-পোছা কৰা হয়।

সূত্ৰ অনুসৰি, ইডিয়ে এটা মোবাইল গেমিং এপৰ জৰিয়তে বিত্তীয় জালিয়াতিৰ অভিযোগৰ তদন্তৰ সন্দৰ্ভত চহৰখনৰ ছয়টা স্থানত অভিযান আৰম্ভ কৰিছিল যাৰ ভিতৰত আছে গাৰ্ডেনৰিচৰ শ্বাহী আস্তাবল গলি, পাৰ্ক ষ্ট্ৰীট, মমিনপুৰৰ বন্দৰ এলেকা আৰু নিউ টাউন। অভিযানৰ সময়ত আমিৰৰ ঘৰৰ বাহিৰত চিআৰপিএফ জোৱান মোতায়েন কৰা হৈছিল।

লগতে পঢ়ক: “কাক প্ৰতাৰণা কৰিছে?”: হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি টুইটেৰে প্ৰধানমন্ত্ৰী মোদীক সাৱধানবাণী কংগ্ৰেছ নেতাৰ

দৰাচলতে, শনিবাৰে ৰাতিপুৱা ইডিৰ বিষয়াসকলে গাৰ্ডেনৰিচৰ শ্বাহী আস্তাবল গলিত থকা আমিৰৰ দুমহলীয়া ঘৰত উপস্থিত হৈছিল। দুমহলীয়া ঘৰটোত তালাচী চলোৱাৰ কেইঘণ্টামানৰ ভিতৰতে অসংখ্য প্লাষ্টিকৰ মোনাত মেৰিয়াই থোৱা নোটৰ বাণ্ডিলবোৰ সন্মুখলৈ আহে।

জানিব পৰা মতে, দ্বিতীয় মহলাৰ এটা কোঠাৰ বিচনাৰ পৰা অসংখ্য বাণ্ডিলত মেৰিয়াই থোৱা ৫০০ টকাৰ বেংকনোট উদ্ধাৰ হ’বলৈ আৰম্ভ কৰিছিল। সেইবোৰ  বেছিভাগ প্লাষ্টিকৰ মোনাত মেৰিয়াই খাটৰ তলত ৰখা হৈছিল। সেই মোনাবোৰত ২,০০০ টকাৰ কেইবাটাও বাণ্ডিলো ৰখা আছিল। এটা সময়ত ষ্টেট বেংকৰ কৰ্মচাৰীসকলে ঠাকে ঠাকে সজাই থোৱা ধনৰ বাণ্ডিলবোৰ গণনা কৰিবলৈ আহে। আঠটা নোট গণনা যন্ত্ৰও অনা হয়।

লগতে পঢ়ক: এমাহতে ৬৬৪ কোটি টকা উপাৰ্জন মহাবিদ্যালয়ৰ ছাত্ৰৰ! অপহৰণৰ ভয়ত শংকিত পিতৃ-মাতৃ

দেখা যায় যে আমিৰৰ ঘৰৰ দুৱাৰৰ বাহিৰত ১০ টা ষ্টীলৰ ট্ৰাংকভৰ্তি এখন ট্ৰাক থিয় হৈ আছিল। ৰাতি আমিৰৰ ঘৰলৈ আৰু কেইটামান ষ্টীলৰ ট্ৰাংক অনা হৈছিল। গাৰ্ডেনৰিচত আমিৰৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা কোটি কোটি টকা এইদৰে ট্ৰাকত লৈ যোৱা হয়।