পানামা পেপাৰ্ছ কেলেংকাৰীত শলঠেকত ঐশ্বৰ্য ৰায়; জেৰাৰ বাবে পুনৰ ইডিৰ চমন

Aishwarya-Rai-Bachchan-1280x720

পানামা পেপাৰ কেলেংকাৰীত পুনৰ এবাৰ শলঠেকত পৰিছে বচ্চন পৰিয়াল। জেৰাৰ বাবে ঐশ্বৰ্য ৰায় বচ্চনক মাতি পঠিয়াইছে এনফৰ্ছমেন্ট ডিৰেক্টৰেটে।

বাতৰি অনুসৰি, আজিয়েই ঐশ্বৰ্যক উপস্থিত হ’বলৈ কোৱা হৈছিল যদিও অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত কাৰণত ইডিৰ বিষয়াৰ পৰা অন্য এদিন সময় বিচাৰিছে। সেয়ে, আজি ইডিৰ সন্মুখত ঐশ্বৰ্য ৰায় উপস্থিত হ’বনে নাই সেয়া স্পষ্ট হোৱা নাই।

উল্লেখ্য যে কৰ ফাঁকি দি পানামা দ্বীপত টকা ৰখাৰ অভিযোগত বিশ্বৰ বিভিন্ন ধনী তথা প্ৰভাৱশালী ব্যক্তিৰ কথা পোহৰলৈ আহিছে।

Also Read: Breaking News মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী; অধ্যক্ষই সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীৰ সদন ত্যাগ

২০১৬চনত পানামাৰ এখন লিগেল ফাৰ্ম ‘মোছাক ফনছেকা’ৰ পৰা ফাদিল হোৱা সেই ব্যক্তিসকলৰ মাজত ১১০০গৰাকী ভাৰতীয়ৰ নামো পোহৰলৈ আহিছে।

উক্ত ভাৰতীয়ৰ তালিকাখনত ঐশ্বৰ্য ৰায়ৰ নামো আছে। তেওঁৰ বিৰুদ্ধে কৰ ফাঁকি দি বিদেশত টকা জমা ৰখাৰ অভিযোগ উঠিছে।

পানামা পেপাৰ্ছ কেলেংকাৰীত আৰম্ভণিৰে পৰাই বচ্চন পৰিয়াল নাম সাঙোৰ খাই পৰিছে। ঐশ্বৰ্যৰ লগতে এই কেলেংকাৰীত অমিতাভ বচ্চনৰ নামো জড়িত হৈ পৰিছে।

Also Read:Breaking মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী প্ৰসংগকলৈ উত্তপ্ত বিধানসভা; দহ মিনিটৰ বাবে স্থগিত সদন

ইপিনে, ইডিয়ে ঐশ্বৰ্য ৰায়ক এইবাৰেই প্ৰথম চমন দিয়া নাই। ইয়াৰ পূৰ্বেও অভিনেত্ৰীগৰাকীক দুবাৰকৈ চমন পঠিয়াইছিল যদিও সময় বিচাৰি কেন্দ্ৰীয় সংস্থাটোৰ ওচৰত উপস্থিত হোৱা নাছিল।

আনহাতে, এইবাৰ অভিনেত্ৰীগৰাকীয়ে অজুহাত দেখুৱাই পুনৰ উপস্থিত নহ’লে ইডিয়ে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।