NORTHEAST NOW (Assamese)

কুৱেইটৰ পৰা ধনৰ অবৈধ লেনদেন : জেৰাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ আৰবী কলেজৰ অধ্যক্ষক

May 19, 2019 10:08 pm · শশাংক তালুকদাৰ

হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বৰপেটা জিলাৰ হাউলীৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষগৰাকীক জেৰাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছে।

কলেজখনৰ অধ্যক্ষ নুৰুল ইছলাম নাকভিক আজি পাটাছাৰকুছি থানালৈ আনি গুৱাহাটীৰ পৰা অহা এনফৰ্চমেন্ট ডাইৰেক্টৰেট (ই ডি)ৰ বিষয়াই কেবাঘন্টা ধৰি মাৰাথান জেৰা চলোৱাৰ অন্তত কটকটীয়া নিৰাপত্তা বেস্তনিৰ মাজত গুৱাহাটী লৈ যায়।

লগতে পঢ়ক হাৱালাৰ জৰিয়তে ধনৰ লেনদেনৰ অভিযোগত আৰবী কলেজৰ অধ্যক্ষক আটক

উল্লেখযোগ্য যে যোৱা শনিবাৰে হাউলীৰ ইটাৰভিটাৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষ নাকভিক হাৱালাৰ জৰিয়তে আৰৱ ৰাষ্ট্ৰ কুৱেটৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল।

গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ পৰা আৰক্ষীয়ে ৮ লাখ ৪৫ হাজাৰ টকা জব্দ কৰিছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

Related News