“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সংবাদ মাধ্যম”

ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত সাংবাদিকৰ সম্পৰ্কে কেনে? এইখিনিতে মই আপোনালোকক এটা অতি চমু ভিডিঅ’ৰ কথা কব বিচাৰিছোঁ৷ সেইটো ভাৰতৰ দৃশ্য নহয়৷ যোৱা মঙ্গলবাৰৰ ডেনমাৰ্কৰ দৃশ্য৷ হঠাৎ সাংবাদিকৰ মুখামুখি হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি কিংকৰ্তব্য বিমুঢ় হৈ পৰাৰ দৃশ্য আছিল সেয়া৷ ভাৰতৰ প্ৰধানমন্ত্ৰী এজন ভাল বক্তা বুলি তেখেতৰ এক সুনাম আছে৷ তেওঁৰ সমৰ্থক সকলেই নহয় আনেও তেওঁৰ বাগ্মিতাৰ প্ৰশংসা কৰে৷ হাজাৰ হাজাৰ লোকৰ সমাবেশত বলিষ্ঠ কন্ঠত বক্তৃতা দি তেওঁ জনসাধাৰণৰ সন্মান আদায় কৰি থৈছে৷  শক্তিশালী আৰু দৃঢ়মনা প্ৰধানমন্ত্ৰী বুলি নৰেন্দ্ৰ মোদীৰ এক খ্যাতি আছে৷

এইখিনিতে আমি মন কৰা উচিত যে এতিয়ালৈ ১৫ গৰাকী ব্যক্তি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে৷ এই ১৫ গৰাকী ব্যক্তিৰ কোনো কোনোৱে একাধিকবাৰ এই পদত অধিস্থিত হৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্তমান দ্বিতীয়টো কাৰ্যকাল চলি আছে৷ কিন্তু আচৰিত কথা হ’ল নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যিজনে তেখেতৰ প্ৰধানমন্ত্ৰিত্বৰ আঠ বছৰীয়া কাৰ্যকালত এতিয়ালৈকে এখনো সংবাদমেল সম্বোধন কৰি পোৱা নাই৷ এইটো এটা বৰ আচহুৱা কথা নহয়নে? সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভৰ লগত মন খুলি কথা পাতিবলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিয় ইমান ইতস্ততা?

এইখিনিতে আমি জনা উচিত কিয় সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়? বিধানমণ্ডলীয়ে সংসদ নাইবা বিধানসভাত প্ৰয়োজনীয় আইন প্ৰণয়ন কৰে৷ সেই আইন কাৰ্যকৰী কৰা, বাস্তৱত ৰূপ দিয়াৰ দায়িত্ব কাৰ্যপালিকাৰ৷ বিধানমণ্ডলীয়ে আইন এখন সঠিকভাবে প্ৰণয়ন কৰিছেনে নাই সেইটো পৰীক্ষা কৰা আৰু কাৰ্যপালিকাই সেই আইনখন সঠিকভাবে ৰূপায়ণ কৰিছেনে নাই সেইটো চোৱাৰ, তাৰ খেয়াল ৰখাৰ দায়িত্ব ন্যায়পালিকাৰ৷ অৰ্থাৎ কাৰ্যপালিকাই যদি কোনো এটা কাম সঠিকভাবে, সাংবিধানিক নিয়ম আৰু প্ৰচলিত আইন মানি কৰা নাই আৰু সেই ক্ষেত্ৰত ন্যায় বিচাৰি যদি কোনো ব্যক্তি বা সংস্থা ন্যায়ালয়ৰ ওচৰ চাপে, বাদী-বিবাদীৰ দাবী তথ্য, যুক্তি আৰু ভাৰতীয় সংবিধানৰ ধাৰা আৰু সাংবিধানিক প্ৰমূল্য অনুযায়ী বিচাৰ কৰি ন্যায়ালয়ে সিদ্ধান্ত দিয়ে, ৰায়দান কৰে৷

আনহাতে কাৰ্যপালিকাৰ কাম-কাজত কোনো ব্যক্তি বা সমষ্টিয়ে বাধা প্ৰদান কৰিলেও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰতো চৰকাৰে ন্যায়পালিকাৰ ওচৰ চাপিব পাৰে৷ মনকৰিবলগীয়া কথা হ’ল বিধানমণ্ডলী, কাৰ্যপালিকা আৰু ন্যায়পালিকা-সংসদীয় গণতন্ত্ৰৰ এই তিনিটা স্তম্ভৰ কৰ্তব্য পূৰ্ব নিৰ্ধাৰিত৷ আৰু প্ৰতিটোৱে স্বয়ং সম্পূৰ্ণ আৰু স্বনিয়ন্ত্ৰিত হিচাপে নিজৰ কাৰ্য সম্পাদন কৰিব লাগে৷ বিশেষকৈ ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত যথেষ্ট দূৰত্ব থকা উচিত৷ এই ক্ষেত্ৰত বিখ্যাত ন্যায়বিদ ফালি এচ নাৰিমানৰ উক্তি এটা বৰ গুৰুত্বপূৰ্ণ৷ তেওঁ “God Save The Hon’ble Supreme Court“ নামৰ কিতাপৰ এঠাইত লিখিছিলঃ “Disharmony between the government and the court is a different matter- if there were complete harmony between them, this country would not be worth living in” অৰ্থাৎ “চৰকাৰ আৰু আদালতৰ মাজত মিল নথকাটো এটা বেলেগ কথা- কিন্তু, যিখন দেশত চৰকাৰ আৰু আদলতৰ মাজত সকলো কথাতে মিল থাকে সেইখন দেশ বাসোপযোগী হৈ নাথাকে ৷“

গতিকে সময়ে সময়ে  কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ বিৰোধ এখন সুস্থ গণতন্ত্ৰৰ লক্ষণ৷ এতিয়া আহিল সংবাদ মাধ্যমৰ কথা৷ ন্যায়পালিকা যেনেকৈ চৰকাৰৰ পৰা মানে কাৰ্যপালিকাৰ পৰা মুক্ত হৈ থাকিব লাগে, ঠিক তেনেদৰে সংবাদ মাধ্যমো কাৰ্যপালিকাৰ পৰা, চৰকাৰৰ পৰা সম্পূৰ্ণ মুক্ত হৈ থাকিব লাগে৷ কিয় সংবাদমাধ্যম চৰকাৰৰ পৰা মুক্ত হৈ থাকিব লাগে? সংবাদমাধ্যমৰ স্বাধীনতা আমাক কিয় লাগে? বিধানমণ্ডলে আইন প্ৰণয়নৰ সময়ত ভাৰতৰ সংবিধানৰ মূল উদ্দেশ্য আৰু আদৰ্শবোৰৰ প্ৰতি লক্ষ্য ৰাখি আইন প্ৰণয়ন কৰিছে নে নাই তাৰ প্ৰতি কোনে চকু দিব? তাৰ প্ৰতি চকু দিব লাগিব ন্যায়পালিকা আৰু সংবাদমাধ্যমে৷ চৰকাৰী নিয়ন্ত্ৰণৰ বাহিৰত থাকিলেহে সংবাদমাধ্যমে সেই দায়িত্ব পালন কৰিব পাৰিব৷

আনহাতে চৰকাৰে আইন এখন প্ৰকৃততে বাস্তবায়িত কৰিছেনে নাই সেইটো চোৱাৰ দায়িত্বও সংবাদমাধ্যমৰ৷ সংবাদমাধ্যমে চৰকাৰৰ অনীতি, অন্যায়, অনুচিত সিদ্ধান্তৰ সমালোচনা কৰিব লাগিব৷ চৰকাৰৰ অপশাসন আৰু দুৰ্নীতি সংবাদ মাধ্যমে তেতিয়াহে উদঙাই দেখুৱাব পাৰিব যেতিয়া চৰকাৰ আৰু সংবাদমাধ্যমৰ মাজত কোনো হলিগলি নাথাকিব৷ সেই কাৰণেই ন্যায়াধীশ বা বিচাৰকসকলৰ যেনেকৈ চৰকাৰৰ লগত কোনো হলিগলি থকা উচিত নহয় তেনেদৰেই সাংবাদিক সকলৰ লগতো চৰকাৰৰ কোনো হলিগলি থকা উচিত নহয়৷ কিন্তু, জনসাধাৰণৰ স্বাৰ্থত তথ্য আৰু সত্য বিচাৰি সাংবাদিক সকলে যেতিয়া চৰকাৰৰ মন্ত্ৰী, বিষয়াৰ ওচৰ চাপে প্ৰকৃত সত্য আৰু তথ্য তেওঁলোকক যোগান ধৰাটো তেওঁলোকৰ কৰ্তব্য৷

প্ৰধানমন্ত্ৰীৰ আসনখন কাৰ্যপালিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আসন৷ তেখেত হ’ল চৰকাৰৰ মুৰব্বী৷ চৰকাৰে লোৱা সকলো সিদ্ধান্তৰ বাবে তেওঁ দায়ী৷ চৰকাৰে যদি কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, কিয় সেই সিদ্ধান্ত লৈছে? কিয় এটা বিষয়ত চৰকাৰ সৰৱ আৰু আন এটা বিষয়ত চৰকাৰ নীৰৱ? চৰকাৰৰ অৰ্থনৈতিক নীতি, দেশৰ আভ্যন্তৰীণ পৰিস্থিতি, বৈদেশিক নীতি- এই বিষয়বোৰ সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে সময়ে সময়ে সাংবাদিকৰ লগত মুকলিকৈ কথা পতা প্ৰয়োজন৷ তেওঁলোকৰ প্ৰশ্নৰ, সমালোচনাৰ সন্মুখীন হোৱা উচিত৷ সেইটোৱে  গণতন্ত্ৰৰ নিয়ম৷ কিয়নো নীতি বা সিদ্ধান্ত এটা সঠিক হ’লে সি হেলাৰঙে সমালোচনা আৰু প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে৷ আলোচনা, সমালোচনাই তাক শাণিতহে কৰে৷ সেই কাৰণেই বিকেন্দ্ৰীকৰণ সুস্থ গণতন্ত্ৰৰ লক্ষণ৷ সেই কাৰণেই ন্যায়পালিকা আৰু সংবাদমাধ্যমে চৰকাৰৰ পৰা নিৰাপদ দূৰত্বত থাকিব লাগে৷ সেই কাৰণেই আজি ৮ বছৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী সংবাদমাধ্যমৰ পৰা আঁতৰি ফুৰাটো আমাৰ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়৷ সেয়ে, সংবাদপত্ৰৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান অৱনমিত হোৱাত আচৰিত হ’ব লগা একো নাই৷