৩০ জানুৱাৰী, ছহিদ দিৱস: এই মুহূৰ্তত গান্ধীজীৰ মূল্যবোধ আৰু আদৰ্শ আটাইতকৈ গুৰুত্বপূৰ্ণ

দেশ স্বাধীন হোৱাৰ লগে লগে দেশ বিভাজনো হৈছিল। স্বাধীনতাৰ আগে পিছে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত হাজাৰ হাজাৰ লোক নিহত, আহত হৈছিল। কিমান মানুহে জীৱনৰ সৰ্বস্ব হেৰুৱাই নিঃস্ব হৈ পৰিছিল।তেওঁলোকৰ সপোন আছিল পৰাধীনতাৰ পৰা স্বাধীনতালৈ। কিন্তু,তেওঁলোকৰ জীৱনলৈ দিনতে এন্ধাৰ নামি আহিল। পৰ ধৰ্মৰ হোৱা কাৰণেই তেওঁলোক নিজ মাতৃভূমিৰ পৰা বিতাৰিত হ’ব লগা হ’ল!

নতুনকৈ সৃষ্টি হোৱা পাকিস্তানৰ পৰা কিমান হিন্দু আৰু শিখে নিজৰ পৈতৃক সম্পত্তি আৰু ঘৰ-বাৰী এৰি ভাৰতলৈ ঢাপলি মেলিছিল! ঠিক একে দশা হৈছিল ভাৰতত থকা মুছলমানৰ। হাজাৰ, হাজাৰ, লাখ লাখ লোক সীমান্তৰ দুয়ো ফালে শৰণাৰ্থী হৈছিল। সময় বাগৰি গৈছিল। বছৰৰ পিছত বছৰ পাৰ হৈছিল। তেওঁলোকৰ থিতাপি লগা নাছিল। এই সকল লোকৰ কাৰণে স্বাধীনতাৰ পৰিভাষা কি আছিল? স্বাধীনতাৰ অৰ্থ কি আছিল?

বোধহয় এজন মানুহে এই সকল লোকৰ জীৱনৰ দুৰ্দশা আটাইতকৈ ভালকৈ বুজি পাইছিল, উপলব্ধি কৰিব পাৰিছিল। সেইজন আছিল গান্ধীজী, আমাৰ মৰমৰ বাপুজী। বৃটিছে ভাৰত এৰি যোৱাৰ সময়ত দেশত যি অৱস্থাৰ সৃষ্টি হৈছিল সি গান্ধীজীৰ অন্তৰ আত্মাক বৰকৈ আঘাত দিছিল। দেশৰ মানুহৰ এই দুৰ্দশাৰ কাৰণে কি তেওঁ স্বাধীনতা বিচাৰিছিল? গান্ধী এজন গভীৰভাৱে অনুৰক্ত হিন্দু আৰু ধাৰ্মিক মানুহ আছিল।

কিন্তু, তেওঁ কেতিয়াও, কোনো পৰিস্থিতিতেই আনৰ ধৰ্মক হেয় নকৰিছিল। সেইটো তেওঁৰ কাৰণে কোৱা কথা নাছিল। কৰা কাম আছিল। তেওঁৰ অভ্যাস আছিল। গভীৰ বিশ্বাস আছিল। তাক তেওঁ পদে পদে অনুশীলন কৰিছিল। গান্ধীজী আছিল ধৰ্মীয় সহনশীলতাৰ জীৱন্ত প্ৰতিমূৰ্তি। সেয়ে জীৱনৰ শেষৰ ফালে হিন্দু-মুছলিম ঐক্যৰ কাৰণে তেওঁ নেৰানেপেৰাকৈ লাগিছিল।

দেশ স্বাধীন হোৱাৰ সময়ত ঘটা সাম্প্ৰদায়িক সংঘৰ্ষই গান্ধীজীক অশান্ত কৰি তুলিছিল। নিজৰ জীৱনৰ নিৰাপত্তাৰ কথা নভবাকৈ গান্ধীজীয়ে ১৯৪৬ পৰা ১৯৪৮ চনলৈ সংঘৰ্ষ জৰ্জৰিত অঞ্চলবোৰ ঘূৰি জনসাধাৰণৰ মাজত শান্তি আৰু অহিংসাৰ বাণী বিলাই ফুৰিছিল। দেশৰ পৰিস্থিতিয়ে তেওঁক অত্যন্ত ব্যথিত কৰি তুলিছিল।কিন্তু, আচৰিত কথা তেওঁ য’লৈকে গৈছিল হিন্দু, মুছলমান উভয়ে তেওঁৰ কথা শুনিছিল।

সেই সেই অঞ্চললৈ লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছিল। গান্ধীজীয়ে সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ বাবে লোৱা উদ্যোগক হিন্দু সাম্প্ৰদায়িক শক্তি সমূহে ভাল চকুৰে চোৱা নাছিল।তেওঁলোকে গান্ধীজীয়ে মুছলমানক তোষামোদ কৰা বুলি গান্ধীজীৰ বিৰুদ্ধে ৰটনা কৰি ফুৰিছিল। নিজে সংখ্যাগুৰুৰ এজন হোৱা বাবে গান্ধীজী সংখ্যালঘু সকলৰ স্পৰ্শকাতৰ অৱস্থাৰ প্ৰতি স্বাভাৱিকতে অধিক সংবেদনশীল আছিল।সেইটোৱে জানো হোৱা উচিত নহয়?

সেই কাৰণেই হিন্দু সাম্প্ৰদায়িক শক্তি সমূহ গান্ধীজী বিদ্বেষী হৈ পৰিছিল। গান্ধীৰ ১৯৪৮ চনৰ ২০ জানুৱাৰীৰ বিৰলা ভৱনৰ প্ৰাৰ্থনা সভালৈ উগ্ৰ হিন্দু সাম্প্ৰদায়িক যুৱক এজনে এটা গ্ৰেণেড দলিয়াই আক্ৰমণ কৰিছিল।গ্ৰেণেডৰ শব্দ শুনি প্ৰাৰ্থনা সভাত উপস্থিত থকা লোক সকল আতংকিত হৈ পৰিছিল। গান্ধীজীয়ে তেওঁলোকক নিৰ্ভয় দি কৈছিল যে সেইটো বোধহয় সৈন্য বাহিনীয়ে তালিম কৰি থাকোঁতে ফুটা বন্দুকৰ শব্দহে।

কিন্তু, গান্ধীজীয়ে জানিছিল যে তেওঁৰ অন্তিম সময় উপস্থিত হৈছে। হিন্দু-মুছলমানৰ ঐক্যৰ বাবে লাগি থকা বাবেই যি কোনো মুহূৰ্তত কোনোবাই তেওঁক হত্যা কৰিব পাৰে। সেই সময়ত সাম্প্ৰদায়িক ঐক্যৰ বাবে তেওঁ সঘনাই লঘোণ দিছিল আৰু প্ৰাৰ্থনা কৰিছিল। তেওঁৰ শৰীৰ দুৰ্বল হৈ পৰিছিল।মাত অনুচ্চ হৈ আহিছিল।কিন্তু, সত্য, অহিংসা আৰু ন্যায়ৰ প্ৰতি তেওঁ অবিচল আছিল।

তেওঁৰ নিৰাপত্তাৰ কথা ভাবি প্ৰশাসনে তেওঁৰ প্ৰাৰ্থনা সভালৈ অহা মানুহবোৰৰ শৰীৰৰ খানাতালাচী কৰিব বিচাৰিছিল। গান্ধীজীয়ে সেইটো মানি লোৱা নাছিল।তেওঁৰ প্ৰাৰ্থনা সভালৈ গ্ৰেণেড দলিওৱা মদনলাল বোলা ল’ৰাজনক কোনো শাস্তি নিবিহিবলৈ তেওঁ পুলিচক বাৰে বাৰে অনুৰোধ কৰিছিল। মদনলালে কৰা কামটো যে ভুল সেইটো তেওঁক বুজাবলৈহে তেওঁ পুলিচক পৰামৰ্শ দিছিল। যিসময়ত তেওঁৰ নিৰাপত্তা লৈ সকলো চিন্তিত হৈ পৰিছিল, গান্ধীজীয়ে কিন্তু ভিতৰি ভিতৰি আসন্ন মৃত্যুৰ বাবে নিজকে প্ৰস্তুত কৰিছিল।

মৃত্যুৰ ২০ ঘন্টা আগতে ২৯ জানুৱাৰীৰ দিনা তেওঁ নিজৰ নাতিনীয়েক মণুক কৈছিলঃ “If an explosion took place, as it did last week, or someone shot at me and I received his bullet on my bare chest, without a sigh and with Rama’s name on my lips, only then you should say that I was a true Mahatma.” “অৰ্থাৎ যোৱা সপ্তাহত হোৱা বিস্ফোৰণটোৰ দৰে কোনোবাই যদি মোৰ উদং বুকুত এটা গুলী মাৰে আৰু মই উস বুলি নোকোৱাকৈ ৰামৰ নামলৈ মৃত্যুক সাৱটি লওঁ তেতিয়াহে তুমি কোৱা উচিত যে মই প্ৰকৃততে মহাত্মা।”

পিছদিনা,অৰ্থাৎ ৩০ জানুৱাৰীৰ দিনা আবেলিৰ বিৰলা ভৱনৰ গান্ধীজীৰ প্ৰাৰ্থনা সভাত প্ৰায় ৫০০ জন মান মানুহ গোট খাইছিল। তাৰ আগতে,চৰ্দাৰ পেটেলৰ লগত বহু সময়লৈ গান্ধীজীয়ে এক গুৰুত্বপূৰ্ণ আলোচনাত ব্যস্ত আছিল। প্ৰাৰ্থনালৈ পলম হোৱা বাবে পেটেল যোৱাৰ পিছত তেওঁ নাতিনীয়েক আভা আৰু মণুৰ কান্ধত ধৰি ততাতৈয়াকৈ প্ৰাৰ্থনা স্থলীলৈ আহিছিল।

সেই সময়তে সন্মুখৰ শাৰীত বহি থকা নাথুৰাম গডচেই তৎক্ষণাৎ উঠি গৈ প্ৰথমে গান্ধীজীৰ ভৰি চুই প্ৰণাম কৰি,পিছত গান্ধীজীলৈ কেইবাজাইও গুলী কৰিছিল। গান্ধীজী হাতযোৰ কৰি হে ৰাম বুলি বাগৰি পৰিছিল।তেতিয়া সন্ধিয়া ৫:১৫ মিনিট হৈছিল। এইজনেই আছিল গান্ধীজী, যাৰ কথা আৰু কামৰ মাজত কোনো পাৰ্থক্য নাছিল। সেই কাৰণেই তেওঁ ক’ব পাৰিছল মোৰ জীৱনেই মোৰ বাণী।

সেইকাৰণেই আইনষ্টাইনে কৈছিল -“ভাবিবলৈও আচৰিত লাগে যে এনে এজন মানুহ এদিন সোঁশৰীৰে আমাৰ মাজত জীয়াই আছিল।” গান্ধীজীৰ যদি সেইদিনা মৃত্যু নহ’লহেঁতেন তাৰ পিছত তেওঁ পাকিস্তানলৈ গ’লহেঁতেন। কিয়নো দেশ বিভাজনে দুখন দেশ কৰিলেও মানুহ একেখিনিয়ে আছিল। কেৱল ৰাজনৈতিক উদ্দেশ্য আৰু স্বাৰ্থতহে দেশখন দুভাগ কৰা হৈছিল।

আজি আমি পাকিস্তানৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। সেইখন এখন বেলেগ দেশ। কিন্তু, আমাৰ দেশত এতিয়া কি হৈছে? চৰকাৰে সংখ্যাগুৰুৰ ভোটৰ বাবে দিনে-ৰাতিয়ে হিন্দু-মুছলমান কৰি থকা নাইনে? শাসকীয় দলটোৱেই বিভাজনবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ মূল হোতা হৈ পৰিছে? গান্ধীজী জীয়াই থকা হ’লে আজি তেওঁ ইয়াৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলন নকৰিলেহেঁতেননে? সেইকাৰণেই আমাৰ কাৰণে এই মুহূৰ্তত গান্ধীজীৰ মূল্যবোধ আৰু আদৰ্শ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে।