শ্ৰীলংকাৰ গণজাগৰণ কোন দিশে?

Sri Lanka Crisis

শ্ৰীলংকাৰ সংকট ক্ৰমে ঘনীভূতহৈ পৰিছে। দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ আবাস বিদ্ৰোহী সকলে দখল কৰিছে। তেওঁলোক দুজন ক’ত আছে কোনেও নাজানে। খবৰ আহিছে এতিয়া দেশখনৰ প্ৰতি দহ ঘৰ মানুহৰ ন ঘৰেই পেট ভৰাই দুবেলা দুমুঠি খাবলৈ পোৱা নাই। ইন্ধনৰ অভাৱত চাৰিওফালে এক অচলাৱস্থা। চিকিৎসালয়ত জীৱনদায়িনী ঔষধৰ নাটনি। সমগ্ৰ দেশতে হাহাকাৰ। শ্ৰীলংকাৰ কিয় এই অৱস্থা হ’ল? ই এক হঠাৎ হোৱা অৱস্থা নে আজি কিছু বছৰৰ পৰা ক্ৰমান্বয়ে দেশখন এনে এটা অৱস্থাৰ ফালে গৈ আছিল,আৰু এতিয়া ই এক চূড়ান্ত প্ৰৰ্যায় পইছেগৈ?

শ্ৰীলংকা আমাৰ গাতে লাগি আছে যদিও, দেশখনৰ আভ্যন্তৰীণ ৰাজনীতি আৰু তাৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দ্বন্দ্ববোৰৰ বিষয়ে আমি ভালদৰে নাজানো। শ্ৰীলংকাৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০.২% বৌদ্ধ ধৰ্মাৱালম্বী, ১২.৬% হিন্দু, ৯.৭%মুছলিম আৰু ৭.৬% খৃষ্টান। বৌদ্ধ ধৰ্মাৱালম্বী লোক সকলৰ বেছিভাগেই সিংহলী, তামিল সকলৰ সৰহ সংখ্যকেই হিন্দু, মুছলিম সকলৰ সৰহখিনিয়ে মূৰ আৰু মালয়া মূলৰ। তামিল আৰু সিংহলী সংখ্যালঘু সকল হৈছে মূলতঃ খৃষ্টান।

যদিও তামিল সকল শ্ৰীলংকাত সংখ্যালঘু, শ্ৰীলংকাৰ প্ৰায় গাতে থকা ভাৰতৰ তামিল প্ৰধান ৰাজ্য তামিলনাডুৰ বাবে শ্ৰীলংকাৰ সিংহলী সকল সদায় এক আশংকাত থাকে। সেইটোৱেই সিংহলী আৰু তামিল সকলৰ মাজত থকা এটা প্ৰধান দ্বন্দ্ব। তামিল সকল ভাৰতৰ প্ৰায় গাতে লাগি থকা জাফনা দ্বীপ মণ্ডলত বাস কৰে। তামিল সকলৰ আত্মনিয়ন্ত্ৰণৰ বাবে তামিল ইলামে কৰা সংগ্ৰামৰ কথা আমি এতিয়াও পাহৰি যোৱা নাই। মাত্ৰ সৌ সিদিনা ২০০৯ চনত, ৰক্তাক্তভাৱে এই ২৬ বছৰীয়া শ্ৰীলংকাৰ গৃহযুদ্ধৰ অৱসান হৈছিল।

আজি যিখন শ্ৰীলংকা এক গভীৰ অৰ্থনৈতিক সংকটত নিমজ্জিত, সেই শ্ৰীলংকা এসময়ত দক্ষিণ এচিয়াৰ ভিতৰতে এখন চহকী দেশ আছিল। মানৱ বিকাশৰ(Human Development) সুচাংকৰ ক্ষেত্ৰতো শ্ৰীলংকা যথেষ্ট ওপৰত আছিল। কিন্তু,আজি কিয় শ্ৰীলংকাৰ এই অৱস্থ হ’ল? আজি শ্ৰীলংকা যিটো অৰ্থনৈতিক সংকটত পতিত হৈছে তাক সহজ কথাত ব্যাখ্যা কৰাটো টান। যদিও মূলতঃ এইটো এটা অৰ্থনৈতিক সংকট, ইয়াৰ উৎপত্তিৰ লগত ৰাজনৈতিক আৰু সামাজিক কাৰণো যুক্তহৈ আছে।

এই অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে শ্রীলংকাত যিটো গণ বিদ্ৰোহ হৈছে তাৰ চৰিত্ৰটো কেনে? এই বিষয়ে আজি কিছুদিন আগতে The Hinduত শ্রীলংকাৰ International Centre for Ethnic Studiesৰ সভাপতি ৰাধিকা কুমাৰস্বামীয়ে লিখা প্ৰবন্ধটোত আমি তাৰ এটা থূলমূল আভাস পাওঁ। আচলতে, শ্রীলংকাৰ অৰ্থনৈতিক দুৰৱস্থা আৰু স্বেচ্ছাচাৰী ৰাজনৈতিক শাসনৰ বিৰুদ্ধে আজি প্ৰায় এবছৰমানৰ পৰা তাৰ যুৱ সমাজ ভিতৰি ভিতৰি গুজৰিগুমৰি আছিল। তেওঁলোকে সামাজিক মাধ্যমৰ যোগেদি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী লৈছিল। প্ৰথমতে এই আন্দোলনটোৱে বিশেষ গুৰুত্ব পোৱা নাছিল।

ৰাজপাক্ষেৰ দৰে শক্তিশালী নেতাক আন্দোলনেটোৱে কিবা ক্ষতি কৰিব পাৰিব বুলি কোনেও ভবা নাছিল। মূলতঃ সামাজিক মাধ্যমৰ মাজত সীমাবদ্ধ আন্দোলনটোক শ্রীলংকাৰ মূলসুঁতিৰ প্ৰচাৰ মাধ্যমেও তেতিয়া বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু কৰ’ণা অতিমাৰীয়ে সকলো উলটপালট কৰি দিলে। দেশৰ অৰ্থনৈতিক অৱস্থা সাধাৰণ মানুহৰ সহ্যৰ বাহিৰলৈ গুছি গল। আন্দোলনৰ বাহিৰে দেশৰ সাধাৰণ মানুহৰ পৰিত্ৰাণৰ কোনো পথ নোহোৱা হ’ল। তেতিয়াই প্ৰায় স্বতঃস্ফূৰ্তভাবে আন্দোলনটোৱে এক শক্তিশালী ৰূপ লৈছিল।

এই আন্দোলনটোৰ অনুপ্ৰেৰণা ক’ৰপৰা আহিছিল? আন্দোলনকাৰী সকলে নতুন এক ৰাজনৈতিক সংস্কৃতিৰ কথা কৈছিল। Occupy Wall Street movement, Black Lives Matter, Arab Spring আৰু শেহতীয়াভাৱে ভাৰতৰ কৃষক আন্দোলন আৰু চাহিনবাগৰ আন্দোলনৰ দ্বাৰাও তেওঁলোক অনুপ্ৰাণিত হৈছিল। তেওঁলোকে অহিংসা, গণতন্ত্ৰ, নৃগোষ্ঠীয় সংহতি আৰু সৃজনীশীল আত্মপ্ৰকাশত গুৰুত্ব আৰোপ কৰিছিল। দিনক দিনে আন্দোলনৰ স্থলী লোকে লোকাৰণ্যহৈ পৰিছিল। পুলিচ আৰু নিৰাপত্তা বহিনীয়েও আন্দোলনকাৰী সকলক কোনো বাধা প্ৰদান কৰা নাছিল।

কিন্তু, হঠাৎ যোৱা ৯ মে’ৰ দিনা ৰাজপাক্ষেৰ সমৰ্থক গুণ্ডা বাহিনীয়ে শান্তিপূৰ্ণ আন্দোলনকাৰী সকলৰ ওপৰত আক্ৰমণ কৰাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। আন্দোলনটোত কিছুমান উগ্ৰ শক্তি সোমাই পৰে। তাৰ পিছতে আন্দোলনটো হ্ৰিংস হৈ পৰে। প্ৰধানমন্ত্ৰী মহেন্দ্ৰ ৰাজপাক্ষে পদত্যাগ কৰে আৰু তেওঁৰ ঠাইত ৰনিল বিক্ৰমাসিংহেক প্ৰধানমন্ত্ৰী পতা হয়। যোৱা ডেৰমাহে ৰনিল বিক্ৰমাসিংহে দ্বীপ ৰাষ্ট্ৰখনলৈ অৰ্থনৈতিক সুস্থিৰতা ঘূৰাই অনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। সেয়ে এতিয়া শ্রীলংকাৰ জনতাৰ ক্ষোভৰ লক্ষ্য হৈ পৰিছে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহে আৰু ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে।

বহুতেই প্ৰশ্ন কৰিছে-এই আন্দোলন বা জনজাগৰণটোৰ সফল পৰিসমাপ্তি হ’বনে? অৰ্থাৎ ই শ্রীলংকালৈ অৰ্থনৈতিক সুস্থিৰতা আৰু ৰাজনৈতিক স্থিৰতা ঘূৰাই আনিবনে?এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি আমাৰ অভিজ্ঞতাৰ পৰা দেখিছো যে এটা আন্দোলন বা জনজাগৰণ যেতিয়া স্বতঃস্ফূৰ্ত হয়, কিন্তু তাৰ লগত যদি কোনো ৰাজনৈতিক উদ্দেশ্য জড়িতহৈ নাথাকে, সাধাৰণতে তেনে আন্দোলনবোৰৰ পৰা কোনো স্থায়ী ফলাফল ওলাই নাহে। আন্দোলনৰ ঘূৰ্ণীবতাহ সময়ত গৈ হতাশালৈ পৰ্যৱসিত হয়।

ভাৰতৰ কা আন্দোলনত আমি সেইটোৱেই দেখা নাইনে? কৃষক আন্দোলনে তাৰ মূল দাবী পূৰণত সফল হ’লেও, সিও কিন্তু ৰাজনৈতিকভাৱে প্ৰভাৱ বিস্তাৰত সিমান সফল হ’ব নোৱাৰিলে। কিন্তু তাৰ বিপৰীতে আন্না হাজেৰেৰ আন্দোলনৰ সুবিধা আম আদমী পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিয়ে কেনেকৈ লৈছিল সেইটোও আমি দেখিছো। শ্রীলংকাৰ এই গণজাগৰণ অথলে গ’লে ই বৰ পৰিতাপৰ কথা হ’ব। আমি আশা কৰোঁ এই গণজাগৰণে এক বিকল্প ৰাজনীতিৰ জন্ম দিয়ক। গণজাগৰণ গণ স্বাৰ্থ পূৰণত সফল হওক।