ইন্দিৰা গান্ধীৰ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ কি সম্পৰ্ক? জৰুৰীকালীন অৱস্থাৰ কথা ক’বলৈ যোৱাৰ আগতে আমি সত্তৰৰ দশকৰ ভাৰতীয় ৰাজনীতিৰ কথা মনত পেলোৱাটো উচিত হ’ব। সেই দশকটো ভাৰতৰ ৰাজনীতিৰ বাবে এক উত্তাল আৰু উত্তেজনাপূৰ্ণ দশক আছিল। তাৰ আগৰ দশক দুটা আছিল মূলতঃ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত দেশ গঢ়াৰ দশক। জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত দুবছৰৰ বাবে লালবাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। তাৰ পিছতে, ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল।
ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বত ১৯৬৭ চনত ভাৰতীয় সৈন্যই চীনৰ আগ্ৰাসন ওফৰাই পেলাইছিল আৰু তাৰ পিছত ১৯৭১ চনত হোৱা ভাৰত-পাকিস্তান যুদ্ধই বাংলাদেশৰ জন্ম দিছিল। কিন্তু, সেইখিনি সময়তে ভাৰত এক গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। বিশেষকৈ ভাৰত-পাকিস্তান যুদ্ধ আৰু বাংলাদেশৰ পৰা অহা শৰণাৰ্থীসকলৰ ভৰণ-পোষণত এক বুজন পৰিমাণৰ ধন খৰচ হৈছিল। বৰষুণৰ অভাৱৰ বাবে শস্য উৎপাদনো ভালদৰে হোৱা নাছিল। তাতে বিশ্বৰ খনিজ তেল উৎপাদন কৰা দেশ সমূহে হঠাৎ খাৰুৱা তেলৰ মূল্য বৃদ্ধি কৰা কাৰণে দেশত এক অৰ্থনৈতিক সংকটে দেখা দিছিল। অস্বাভাৱিক মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল।
মূল্যবৃদ্ধিক কেন্দ্ৰ কৰিয়ে গুজৰাটত ছাত্ৰ-ছাত্ৰী সকলে এক বিপুল গণআন্দোলন গঢ়ি তুলিছিল। গুজৰাট চৰকাৰৰ পতন হৈছিল। এই দৰেই তাত নব-নিৰ্মাণ আন্দোলন গঢ়ি উঠিছিল। মোৰাৰজী দেশাইকে আদি কৰি ইন্দিৰা গান্ধীৰ ৰাজনৈতিক বিৰোধী সকলে পৰিস্থিতিৰ পূৰ্ণ সুযোগ ব্যৱহাৰ কৰি সমগ্ৰ দেশতে এক জ্বালামুখী পৰিস্থিতিৰ সৃষ্টি কৰিছিল। গুজৰাটৰ আৰ্হিত বিহাৰতো ছাত্ৰ-যুৱক সকলে বিহাৰ চৰকাৰৰ পদত্যাগ দাবী কৰিছিল। জয় প্ৰকাশ নাৰায়ণে এই আন্দোলনৰ নেতৃত্ব দিছিল। এই ৰাজনৈতিক অস্থিৰতাৰ মাজতে ১৯৭৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহনে ইন্দিৰা গান্ধীৰ নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰি দিয়া ৰায়ে শ্ৰীমতী গান্ধীৰ কাৰণে নতুন বিপদৰ সৃষ্টি কৰিছিল।
এনে পৰিস্থিতিতেই ১৯৭৫ চনৰ ২৫ জুনৰ দিনা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত, সংবাদপত্ৰৰ স্বাধীনতা খৰ্ব কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ উপৰিও সঞ্জয় গান্ধী আন এক ক্ষমতাকেন্দ্ৰ হৈ পৰিছিল। জয়প্ৰকাশ নাৰায়ণ, মোৰাৰজী দেশাইকে আদি কৰি অসংখ্য বিৰোধী ৰাজনৈতিক নেতাক জেললৈ নিক্ষেপ কৰা হৈছিল। সঞ্জয় গান্ধীৰ ক্ষমতাচক্ৰটোৱে আনকি সংবিধান সংশোধন কৰাৰ পৰিকল্পনা পৰ্যন্ত কৰিছিল। কিন্তু, ২১ মহীয়া জৰুৰীকালীন অৱস্থাৰ শেষৰ ফালে ইন্দিৰা গান্ধী নিজেই জৰুৰীকালীন অৱস্থাৰ কাৰ্যকাৰিতা সম্পৰ্কে সন্দিহান হৈ পৰিছিল। তেওঁৰ মনত নানা শংকাৰ উদয় হৈছিল। তেওঁ জৰুৰীকালীন অৱস্থাৰ অৱসান ঘটাই দেশলৈ পুনৰ স্বাভাৱিক গণতান্ত্ৰিক পৰিবেশ ঘূৰাই আনিবলৈ ১৯৭৭ চনৰ মাৰ্চ মাহত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰিছিল।
সেয়া আছিল ইন্দিৰা গান্ধীৰ ২১ মহীয়া জৰুৰীকালীন অৱস্থা। কিন্তু, ২০১৪ চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পিছত এতিয়া আমাৰ দেশত কি অৱস্থা চলি আছে? মানুহে কয়, ভাৰতত এতিয়া অঘোষিত জৰুৰীকালীন অৱস্থা। এইখিনিতে সৌসিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰত বক্তৃতা দিওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে গণতন্ত্ৰ ভাৰতৰ জিনত থকা বুলি যে কৈছিল সেই সম্পৰ্কে আমি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম! আৰু প্ৰধানমন্ত্ৰী মোদীয়ে যে ভাৰতক গণতন্ত্ৰৰ মাতৃভূমি বুলি কৈ থাকে সেই সম্পৰ্কে বা আমি কি ক’ম? আমাৰ কথা বাদ দিয়ক, এই সম্পৰ্কে স্বয়ং আম্বেদকাৰে কি কৈছিল?
তেওঁ কৈছিলঃ “Constitutional morality is not a natural instinct. It has to be cultivated. Democracy in India is a top dressing on Indian soil, which is essentially undemocratic.” অৰ্থাৎ, “সাংবিধানিক নৈতিকতা এটা স্বভাৱজাত প্ৰৱণতা নহয়। ইয়াক অনুশীলনৰ দ্বাৰা আয়ত্ত কৰিব লাগে। ভাৰত মূলতঃ এখন অগণতান্ত্ৰিক দেশ, গণতন্ত্ৰ ইয়াত ওপৰৰ পৰাহে জাপি দিয়া হৈছে।” ভাৰতবৰ্ষ, সামন্তীয় অৱশেষেৰে ভৰি থকা এখন বৰ্ণবাদী সমাজ। গতিকে ভাৰতক গণতন্ত্ৰৰ মাতৃভূমি বুলি কোৱা বা গণতন্ত্ৰ ভাৰতৰ জিনত থকা বুলি কোৱাটো এটা অতিশয়োক্তি। এক গোকাট মিথ্যাচাৰ।
ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাত ভাৰতীয় গণতন্ত্ৰ ২১ মাহৰ বাবে স্তব্ধ হৈ পৰিছিল। কিন্তু, এতিয়া কি হৈছে? এতিয়া ২০১৪ চনৰ পৰা আজিলৈকে ভাৰতত সাংবিধানিক মূল্যবোধৰ অৱক্ষয় হৈছে আৰু গণতান্ত্ৰিক অনুষ্ঠান সমূহ, যেনে, সংসদ, ন্যায়পালিকা, নিৰ্বাচন আয়োগ, ইডি, চিবিআই আদি প্ৰায় বিকল হৈ পৰিছে। ভাৰতৰ সংবিধানে সকলো নাগৰিকৰে সমান অধিকাৰৰ কথা কয়। কিন্তু, ভাৰতত এতিয়া চলি আছে সংখ্যাগুৰুৰ হিন্দুৰাজ। ধৰ্মীয় সংখ্যালঘু আৰু নিম্নবৰ্গৰ লোক সকলক সকলো সময়তে নানা ধৰণে নিগ্ৰহ, নিৰ্যাতন কৰা হৈছে। সৌসিদিনা জনজাতীয় শ্ৰমিক এজনৰ ওপৰত কোনে প্ৰস্ৰাৱ কৰি দিছিল? পুণেৰ D Y Patil English High Schoolৰ প্ৰধান শিক্ষক আলেকজেণ্ডাৰ ৰিডক কোনে, কিয় মাৰধৰ কৰিলে?
মোদীৰ ভাৰতত ধৰ্মীয় সংখ্যালঘুক কেনেদৰে নিৰ্যাতন কৰা হৈছে তাৰ কিবা উদাহৰণৰ প্ৰয়োজন আছেনে? সি দেখোন এতিয়া চাৰিওফালে দেখি থকা তেনেই স্বাভাৱিক এটা পৰিঘটনা। তথাপি আপোনাক যদি থাওকতে তাৰ কেইটামান উদাহৰণ লাগে তেনেহ’লে শাহিল মেংঘানীৰ ২৪ জুনৰ Checks and Balance কাৰ্যসূচীটো চাওক। যিখন দেশৰ শাসকীয় দলটোৱে সামান্যতম বিৰোধো সহ্য নকৰে, সেইখন দেশৰ জিনত গণতন্ত্ৰ থকা বুলি কোৱাৰ সমান ভণ্ডামি কি হ’ব পাৰে। আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহ নিৰপেক্ষ আৰু স্বায়ত্ত শাসিত হৈ আছে নে শাসক দলৰ লেমটৌত পৰিণত হৈছে? বিৰোধী ৰাজনৈতিক দলত থকালৈকে ৰাজনীতিক এজন দুৰ্নীতি পৰায়ণ। কিন্তু যেই তেওঁ বিজেপিত সোমায় বা বিজেপি চৰকাৰৰ সহযোগী হয়, লগে লগে তেওঁ নিকা হৈ পৰে।
এইবোৰ আমি দিনে-ৰাতিয়ে দেখি আছোঁ। এইবোৰ কি গণতন্ত্ৰৰ নমুনা? আমেৰিকাৰ Wall Street Journalৰ সাংবাদিক চাব্ৰিনা সিদ্দিকীয়ে মোদীক ভাৰতত সংখ্যালঘু অধিকাৰৰ বিষয়ে মাথো এটা প্ৰশ্ন সুধিছিল। কিন্তু, সেই প্ৰশ্নটো সোধা কাৰণে সাংবাদিক গৰাকীকক এনেকৈ ট্ৰল কৰা হ’ল যে পিছত White Houseৰ মুখপাত্ৰই তাক গৰিহণা দিবলৈ বাধ্য হ’ল। এইবোৰ বিতৰ্ক চলি থাকোতে অসমৰ মুখ্যমন্ত্ৰীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিষয়ে কি কৈছিল সেইটো আপোনালোকৰ মনত আছেই। এয়াই হ’ল বৰ্তমান আমাৰ দেশত গণতন্ত্ৰৰ অৱস্থা?