• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

লেভেল প্লেয়িং ফিল্ড ক’ত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2024 8:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংৰাজীত ‘Level playing field’ বুলি কথা এটা  আছে। অসমীয়াত যাক আমি ‘সমতল ভূমি ক্ষেত্ৰ’ বুলি ক’ব পাৰোঁ। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ’ল দুটা বা ততোধিক পক্ষৰ মাজত যদি কিবা প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতা যিবোৰ নিয়মৰ দ্বাৰা পৰিচালিত হ’ব, সেই নিয়মবোৰ সকলো পক্ষৰ কাৰণে সমানে প্ৰজোয্য হ’ব লাগিব। তাত কোনো পক্ষ্যপাতিত্ব থাকিব নালাগিব। প্ৰতিযোগিতাত কোন জিকে কোন হাৰে সেইটো বেলেগ কথা। কিন্তু নিয়ম সকলোৰে বাবে একে হ’ব লাগিব।

এই  ‘লেভেল প্লেয়িং ফিল্ড’ৰ কথাটো এতিয়া কিয় উঠিছে? এই প্ৰশ্নটো উঠিছে  ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ আগ মূহুৰ্তত। নিৰ্বাচনৰ বাবে দুটা কথা গুৰুত্বপূৰ্ণঃ এটা হ’ল ‘লেভেল প্লেয়িং ফিল্ড’ আৰু আনটো হ’ল স্বচ্চতা। কোনো কোনো ক্ষেত্ৰত এই দুটাৰ এটাৰ লগত আনটোৰ এটা সম্পৰ্কও আছে। ভাৰতবৰ্ষত বিজেপিৰ শাসনকালত অনুষ্ঠিত হ’বলৈ যোৱা ২০২৪ৰ সাধাৰণ নিৰ্বাচনত এই ‘লেভেল প্লেয়িং ফিল্ড’ৰ কথাটো নোহোৱা হৈ আহিছে।

নিৰ্বাচনৰ  আগৰে পৰা মানে দুবছৰমান আগৰে পৰা বিজেপি বিৰোধী ৰাজনৈতিক দলবোৰক নিশকতীয়া কৰিবলৈ আৰু বিশেষকৈ ২০২৩ চনৰ ১৮ জুলাইৰ দিনা  বিজেপি বিৰোধী ৰাজনৈতিক দলবোৰ লগ হৈ  ‘Indian National Developmental Inclusive Alliance’ গঠন কৰাৰ পিছৰে পৰা, বিজেপি বিৰোধী দলবোৰৰ মাজত বিভাজন আনি যিমানপাৰে তেওঁলোকক বিজেপিৰ ফলীয়া কৰিবলৈ বিজেপি চৰকাৰ উঠি পৰি লাগিছে।

তাৰ আগতে, বিভিন্ন কৌশল কৰি ২০২২ চনৰ জুনত শিৱসেনাৰ উদ্ধৱ থাকৰেৰ নেতৃত্বত গঠন হোৱা মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাড়ী চৰকাৰৰ পতন ঘটোৱা হ’ল। তাৰ সলনি বিজেপিৰ সহযোগত শিৱসেনা আৰু এন চি পিৰ পৰা ফালি অহা বিধায়কক লৈ চৰকাৰ গঠন কৰা হ’ল। বিৰোধীৰ চৰকাৰ ভঙা আৰু শক্তিশালী বিৰোধী নেতাক নিজৰ ফলীয়া কৰাৰ পদ্ধতিটো এতিয়া জলজল পটপট হৈ পৰিছে। তাৰ মূল হাতীয়াৰ হৈছে ইডি।

বিৰোধী দলৰ শক্তিশালী নেতাৰ বিৰুদ্ধে যদি কিবা দুৰ্নীতিৰ অভিযোগ থাকে তেনে নেতাক ইডিৰ ভয় দেখুৱাই নিশাটোৰ ভিতৰতে বিজেপিয়ে নিজৰ ফলীয়া কৰি লয়। তাৰ উৎকৃষ্ট উদাহৰণ- হিমন্ত বিশ্ব শৰ্মা,অজিত পাৱাৰ,একনাথ সিন্ধে,নাৰায়াণ ৰাণে,অশোক চৌহান, নবীন জিন্দল আদি। আৰু নানান ভয় ভাবুকিৰ পিছতো যিসকল ৰাজনৈতিক নেতা বিজেপিৰ ফলীয়া নহয়, তেওঁলোকক ই ডি লগাই জেলত ভৰোৱা হয়। তাৰ দুটা শেহতীয়া উদাহৰণ হ’ল হেমন্ত চোৰেন, এসময়ৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু এতিয়াৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আন এক ফন্দী কৰি হিমাচল প্ৰদেশৰ চৰকাৰ ভাঙিবলৈও বিজেপিয়ে চেষ্টা কৰিছিল।কিন্তু সফল নহ’ল।

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনা সুৰা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিখ্যাত অধিবক্তা কপিল চিবালে অতি স্পষ্টভাবে কৈছে যে এইটো গ্ৰেপ্তাৰ কৰিবলগীয়া গোচৰেই নহয়। অৰবিন্দ ফাৰ্মাৰ শৰৎ ৰেড্ডীয়ে নিৰ্বাচনী বণ্ডৰ যোগেদি বিজেপিক ৫৫ কোটি টকা চান্দা দি জেলৰ পৰা ওলাই আহি কেজৰিৱালৰ মোকৰ্দমাৰ ৰাজ সাক্ষী হৈছে। ৰেড্ডিৰ জামিনৰো ইডিয়ে বিৰোধিতা কৰা নাই। আনহাতে  কালি কেজৰিৱালৰ হৈ দিল্লী উচ্চন্যায়ালয়ত যুক্তি প্ৰদৰ্শণ কৰি উচ্চতম ন্যায়ালয়ৰ আন এগৰাকী বিখ্যাত অধিবক্তা অভিষেক সিংভিয়ে ই ডিক সমৰ্থন কৰা অধিবক্তাৰ বাৰ বজাই দিছে।

তেওঁৰ মূল যুক্তি- গোচৰ চলি থকা সময়ত কি কাৰণে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ল? প্ৰথম কথা ই ডিয়ে কিয় কেৰিৱালক গ্ৰেপ্তাৰ কৰিছে তাৰ সবিশেষ কাৰণ তেওঁক জনোৱা হোৱা নাই। এনে মোকৰ্দমাত সাধাৰণতে অভিযুক্ত পলাই যাব পাৰে বুলি বা মোকৰ্দমাৰ নথিপত্ৰ আৰু সাক্ষ্য প্ৰমাণ নষ্ট কৰিব পাৰে বুলিহে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কি কেজৰিৱাল ক’ৰবালৈ পলাই যাবনে বা যিটো মোকৰ্দমা ২০২২ চনতে আৰম্ভ হৈছিল তাৰ সাক্ষ্য প্ৰমাণ নষ্ট কৰিবলগীয়া যদি আছিল সেইটোতো কেতিয়াবাই কৰা হ’ল।

মূল কথাটো হ’ল ‘আম আদমী পাৰ্টি’ ইণ্ডিয়া এলায়েঞ্চৰ লগ কিয় লাগিব? কেজৰিৱালক গ্ৰেপ্তাৰ কৰি তাৰ পোতক তুলিব লাগে। কেজৰিৱাল হৈছে আম আদমী পাৰ্টিৰ অবিসম্বাদী নেতা। তেওঁ মোদীৰ দৰেই এজন অতি সুবক্তা। নিৰ্বাচনৰ আগেয়ে কেজৰিৱাল জেলত থাকিলে নিশ্চিতৰূপে ‘আম আদমী পাৰ্টি’ শ’লঠেকত পৰিব। ইয়াৰ উপৰিও ইডিয়ে মহুৱা মৈত্ৰক কেনেকৈ নগুৰনাকটি কৰি আছে আমি সকলোৱে দেখিছোঁ।

ইফালে শিৱ সেনাৰ উদ্ধৱ থাকৰে গোটে অমল কিৰটিকাৰক লোক সভা নিৰ্বাচনৰ টিকট দিয়াৰ পিছতে ই ডি য়ে পূৰণা খিচিৰি কেলাংকেৰীৰ বাবে তেওঁলৈ চমন পঠিয়াইছে। এইবোৰ হৈছে কি? তাৰ আগতে কংগ্ৰেছৰ কেইবাটাও বেংক একাউন্ট ইডিয়ে জব্দ কৰিছে। মানে যি কোনো প্ৰকাৰে বিজেপি বিৰোধী শিবিৰটোক দুৰ্বল কৰিব লাগে।আৰু স্বচ্চ আৰু নিকা নিৰ্বাচনৰ পোষকতা কৰি ইভিএমৰ Voter Verification Paper Audit Trail(VVPAT)ৰ গণনাৰ দাবী কৰি নিৰ্বাচন আয়োগক লগ কৰিবলৈ আজি ছমাহে বিৰোধী ৰাজনৈতিক দলবোৰে নিৰ্বাচন আয়োগৰ পৰা সময় পোৱা নাই।

চৰকাৰে নতুন আইন আনি নিৰ্বাচন আয়ুক্ত নিয়োগ কৰাৰ কথাটো পূৰা নিজৰ হাতলৈ আনিলে। এতিয়া নিৰ্বাচন আয়োগো চৰকাৰৰ হাতৰ পুতলা হৈ পৰিল। গতিকে নিৰ্বাচনৰ আগে আগে বিৰোধীক এনেদৰে জব্দ কৰিলে লেভেল প্লেয়িং ফিল্ড ক’ত থাকিল? এতিয়া নিৰ্বাচন নিকা আৰু স্বচ্চ হ’ব বুলি ভবাটো পৰ্বতত কাচ কণী বিচৰাৰ দৰেই নহ’বনে? সেইকাৰণেই জাৰ্মানী আৰু আমেৰিকাই ভাৰতৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে যাৰ কাৰণে ভাৰত জকি উঠিছে। কিন্তু ভাৰতৰ প্ৰতিক্ৰিয়াৰ বিষয়ে ওৱাচিংটনত থকা আমেৰিকাৰ গৃহ বিভাগৰ মুখপাত্ৰ মেথ্যিউ মিলাৰে কৈছে:

“We are also aware of the Congress party’s allegations that tax authorities have frozen some of their bank accounts in a manner that will make it challenging to effectively campaign in the upcoming elections,” Miller said. “We encourage fair, transparent and timely legal processes for each of these issues.” গতিকে ভাৰতীয় গণতন্ত্ৰ যে  এক সংকটত পতিত হৈছে আৰু নিৰ্বাচনৰ আগে আগে বিজেপি বিৰোধী দলবোৰৰ কাৰণে লেভেল প্লেয়িং ফিল্ড নোহোৱা হৈ আহিছে, আৰু ২০২৪ ৰ সাধাৰণ নিৰ্বাচন স্বচ্চ আৰু নিকা হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ আহিছে- সেই আশংকা এতিয়া ভাৰতৰ উপৰিও বিদেশলৈও বিয়পি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd