• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সাংসদ নিলম্বিত হৈছে নে সংসদ নিলম্বিত হৈছে!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
December 21, 2023 9:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি এক অভাবনীয়, অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। ৰাজনৈতিক পণ্ডিত আৰু চিন্তাবিদ সকলে বৰ্তমানৰ শাসনাধিস্থ দলটোৰ শাসনকালত যিবোৰ ঘটনা ঘটিব বুলি ভৱিষ্যৎবাণী কৰিছিল, আশংকা কৰিছিল এতিয়া সেইবোৰ ঘটনাই ঘটিব ধৰিছে। আটাইতকৈ ডাঙৰ কথা হ’ল, এই ঘটনাবোৰে আমাক যেনেকৈ অস্থিৰ কৰি তুলিব লাগিছিল তেনেকৈ অস্থিৰ কৰি তোলা নাই। আমি যেন নিয়তিৰ হাততে সকলো এৰি দিছো! এইটোৱেই হৈছে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা।

কিয় মই এনেকৈ কৈছো? সংসদত এতিয়া কি হৈ আছে আপোনালোকে নিশ্চয় দেখিছে? সিদিনা, ১৩ ডিচেম্বৰৰ দিনা, দৰ্শক বহা ঠাইৰ পৰা দুজন যুৱকে সংসদৰ মজিয়ালৈ জঁপিয়াই দি তাত হালধীয়া ধোঁৱা এৰি দি এক আতংকৰ সৃষ্টি কৰিছিল। তাৰ পিছত, ৰাজ্যসভা আৰু লোকসভাৰ বিৰোধী সাংসদ সকলে চৰকাৰৰ ওচৰত দাবী কৰিছিল যে গোটেই ঘটনাটোৰ বিষয়ে দেশৰ প্ৰধানমন্ত্ৰী আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা গৃহমন্ত্ৰীয়ে চৰকাৰৰ ব্যাখ্যা দাঙি ধৰক।

কিন্তু নাই, বিৰোধীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে ক’ত এই বিষয়ে বিবৃতি, ব্যাখ্যা দিব, বৰং বিৰোধীৰ দাবী এৰাই চলিবলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সংসদলৈ অহাই বাদ দিলে। বিৰোধী সাংসদ সকলো নাচোৰবান্দা। তেওঁলোকৰ কথা- সংসদৰ নিৰাপত্তা ভংগ কৰা ইমান ডাঙৰ ঘটনা এটা ঘটিছে, সেই বিষয়ে সংসদত আলোচনা নকৰাকৈ বেলেগ বিষয় আলোচনা কৰাৰ অৰ্থ কি! আপুনি চৰকাৰৰ পক্ষে নে বিপক্ষে সেইটো ডাঙৰ কথা নহয়। কিন্তু, বিৰোধীৰ কথাটোত যুক্তি আছেনে নাই কওক? বিৰোধী পক্ষই এইটো কি নকৰিবলগীয়া দাবী কৰিছে?

কিন্তু, নাই চৰকাৰ বিৰোধীৰ কথা শুনাত নাই। এনে এটা পৰিস্থিতিত ৰাজ্যসভা আৰু লোকসভাৰ অধ্যক্ষ দুজনৰ দায়িত্ব কি আছিল? তেওঁলোকে সংসদত বিষয়টোৰ আলোচনা কৰিবলৈ চৰকাৰী পক্ষক সৈমান কৰাব নালাগিছিল নে? কিন্তু, তেওঁলোক দুজনে কি কৰিলে? তেওঁলোকে সংসদৰ কামকাজ সুচাৰুৰূপে চলিবলৈ নিদিয়া বুলি কৈ আজি এক কালি এক কৈ বিৰোধী পক্ষৰ সাংসদ সকলক সংসদৰ পৰা নিলম্বন কৰিবলৈ আৰম্ভ কৰিলে।

কালিলৈকে ৰাজ্যসভা আৰু লোকসভাৰ পৰা নিলম্বন কৰা সাংসদৰ সদস্যৰ সংখ্যা হ’ল গৈ প্ৰায় ডেৰশ জন। এইখিনিতে আমি মনত পেলাওচোন ডঃ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকা সময়ত বিৰোধী পক্ষত থকা বিজেপিৰ ভূমিকা কি আছিল? ভাৰতৰ সংসদীয় ইতিহাসত সংসদৰ স্বাভাবিক কাৰ্যকলাপ আটাইতকৈ বেছি বাধাগ্ৰস্ত হোৱা সময় আছিল সেই সময়ছোৱা।

তেতিয়া, বিজেপিৰ সাংসদ অৰুণ জেটলীয়ে ২০১২ চনৰ ২৬ আগষ্টৰ দিনা কৈছিলঃ “There are occasions when an obstruction in Parliament brings greater benefit to the country. Our strategy doesn’t permit us to allow the government to use Parliament (for debates) without being held accountable… we didn’t want to give the government an escape route through debate.” সুষমা স্বৰাজেও একে কথাই কৈছিল। তেতিয়া কিন্তু বিজেপিৰ কোনো সাংসদক সংসদৰ পৰা নিলম্বন কৰা হোৱা নাছিল।

আৰু আজি তেওঁলোকৰ ভূমিকা কি? সংসদৰ পৰা নিলম্বিত সদস্য সকলে তেওঁলোকৰ নিলম্বনৰ বিৰুদ্ধে মংগলবাৰে সংসদ ভৱনৰ সন্মুখত ধৰ্ণা দিছিল। তাতে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে ৰাজ্যসভাৰ অধ্যক্ষক ভেঙুচালি কৰিছিল। এতিয়া কি হ’ল? সংসদত হালধীয়া ধোঁৱা দি আতংকৰ সৃষ্টি কৰা কথাটো বাদ পৰিল, সেই সম্পৰ্কে চৰকাৰে সংসদত বিবৃতি নিদিয়া কথাটো বাদ পৰিল, সংসদৰ দুয়ো সদনৰ পৰা ১৪৫ জন সাংসদক নিলম্বন কৰা কথাটো বাদ পৰিল। এতিয়া বিজেপি আৰু বিজেপিৰ বহতীয়া সংবাদ মাধ্যমৰ কাৰণে চৰ্চাৰ মূল বিষয় হৈ পৰিল ৰাজ্যসভাৰ অধ্যক্ষক কল্যাণ বেনাৰ্জীয়ে কৰা ভেঙুচালিৰ বিষয়টো।

বিৰোধী সাংসদ সকলে এটা হক বিষয়, অতি গুৰুত্বপূৰ্ণ বিষয় সংসদত আলোচনা হোৱাটো বিচাৰিছিল। তাৰ কাৰণে তেওঁলোকক সদনৰ পৰা বহিষ্কাৰ কৰা হ’ল। তেওঁলোকৰ বিৰুদ্ধে দুয়ো গৰাকী অধ্যক্ষই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে। কিন্তু, সকলোৱে এতিয়া প্ৰশ্ন তুলিছে, বিশেষকৈ এতিয়াও মেৰুদণ্ড পোন কৰি থকা সাংবাদিক সকলে প্ৰশ্ন তুলিছে, এই ক্ষেত্ৰত মই সাংবাদিক অশোক কুমাৰ পাণ্ডেৰ ভিডিও এটা লৈ আঙুলিয়াব বিচাৰিছোঁ। তেওঁ কি সুন্দৰকৈ উদাহৰণ সহ কথাবোৰ উত্থাপন কৰিছে।

বিজেপি সাংসদ বিধুৰীয়ে ডানিছ আলীৰ বিষয়ে সংসদত কি ভাষা ব্যৱহাৰ কৰিছিল? বিজেপি এম পি ব্ৰীজভূষণ চৰণ সিঙে মহিলা মল্লযোদ্ধা সকলক কৰা যৌন নিৰ্যাতনৰ কাৰণে কত কিমান ঘটনা হ’ল? তেওঁলোকে কিমানদিন আন্দোলন কৰিলে? পুলিচেও যৌন নিৰ্যাতনৰ কথা মানি ল’লে। অথচ ব্ৰীজভূষণ এতিয়াও সাংসদ হৈয়ে আছে। আদানীৰ দুৰ্নীতিৰ কথা কোৱা কাৰণে তেওঁলোকে ৰাহুল গান্ধীৰ সংসদৰ সদস্যতা ৰদ কৰিছিল। পিছত যেনিবা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে ৰাহুল গান্ধীয়ে তেওঁৰ সদস্য পদ ঘূৰাই পালে। মহুৱা মৈত্ৰ সংসদৰ এক শক্তিশালী বিৰোধী কন্ঠ আছিল। নানা কৌশল কৰি তেওঁকো সংসদৰ পৰা বাহিৰ কৰি দিয়া হ’ল।

এতিয়া সংসদ ভৱনত আক্ৰমণৰ বিষয়টোত আলোচনা বিচৰা কাৰণে প্ৰায় ডেৰশ বিৰোধী সাংসদক সংসদৰ পৰা বহিষ্কাৰ কৰা হ’ল। আৰু বিজেপিৰ সাংসদ হেমা মালিনীয়ে কি কয়? বিৰোধী সাংসদ সকলে সংসদত বেছিকৈ প্ৰশ্ন কৰে বাবে বোলে তেওঁলোকক সংসদৰ পৰা বহিষ্কাৰ কৰা হৈছে। চাওক কয় কি? হাৰে, সংসদত প্ৰশ্ন নকৰি কি কৰিব লাগে? উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষক ভেঙুচালি কৰা কাৰণে বিজেপি জকি উঠিছে।

কিন্তু, প্ৰধানমন্ত্ৰী মোদীয়ে কি কৰিছিল? তেওঁ সংসদত এসময়ত পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰীক ভেঙুচালি কৰা নাছিল জানো, তেওঁ ছোনীয়া গান্ধী সম্পৰ্কে কি কৈছিল? কংগ্ৰেছৰ বিধবা আৰু জাৰ্চী গাই! পূৰ্বৰ প্ৰধানমন্ত্ৰী, শালীনতা আৰু ভদ্ৰতাৰ প্ৰতিমূৰ্তি মনমোহন সিঙৰ বিষয়ে কি কৈছিল? মানে বিজেপিয়ে যি মন যায় তাকে কৰিব পাৰে। কিন্তু, আনে হক কথাতো মাত মাতিব নোৱাৰে।

এইবোৰ দেখি মোৰ এটা সাধুকথালৈ মনত পৰিছে। এসময়ত এটা নিজৰাৰ তলফালে ভেৰাৰ পোৱালি এটাই পানী খাই আছিল আৰু পাহাৰৰ ওপৰফালে সিংহ এটাই পানী খাই আছিল। হঠাৎ সিংহই ভেৰা পোৱালিটো দেখা পাই তাক খোৱাৰ পাং পাতিলে। আৰু তৰ্জন গৰ্জন কৰি পোৱালিটোক কৈ উঠিল- ঐ, তই মই খাই থকা পানী কিয় ঘোলা কৰিছ? পোৱালীটোৱে ক’লে মহাৰাজ মই তলতহে আছোঁ। মই কেনেকৈ আপুনি খোৱা পানী ঘোলা কৰিলোঁ? তই মোৰ মুখে মুখে জবাব দিবলৈ আহিছ বুলি কৈ সিংহটো ভেৰা পোৱালিটোৰ ওপৰত জঁপিয়াই পৰিল।

এতিয়া আমাৰ সংসদতো বিৰোধীৰ অৱস্থা ভেৰা পোৱালিটোৰ দৰে হৈছে। আৰু বিৰোধী শূন্য সংসদত চৰকাৰে কালি নাগৰিকৰ মৌলিক অধিকাৰ ভংগ কৰা তিনিখন ভয়ংকৰ আইন পাছ কৰিলে। এই কথাবোৰ দেখি-শুনিও যদি আমি অস্থিৰ নহওঁ, আৰু ধৰি লওঁ সকলো ঠিকে-ঠাকে চলি আছে, তেন্তে হয় আমি পলায়নবাদী, নহয় মহামূৰ্খ। জোৰ পুৰি হাত পালেহি কিন্তু।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd