সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহৰ বাসগৃহত শিক্ষা মন্ত্ৰী

20190922_021208

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহৰ বাসগৃহত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফটো : নৰ্থইষ্ট নাও

দেওবাৰে শিৱসাগৰত বহুকেইটা কাৰ্যসূচীত অংশ কৰিবলৈ শনিবাৰে সন্ধিয়া শিৱসাগৰত উপস্থিত হয় ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।

মন্ত্ৰীগৰাকীয়ে শিৱসাগৰত পদাৰ্পণ কৰিয়েই বাহিৰে বাহিৰে উপস্থিত হয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ বাসগৃহত।

বহু সময় সাহিত্যিক গৰাকীৰ লগত এক অন্তৰংগ সময় অতিবাহিত কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে।

কথাশিল্পী ইমৰাণ শ্বাহে তেখেতৰ তিনিখন কিতাপ মন্ত্ৰীগৰাকীক উপহাৰ হিচাপে প্ৰদান কৰে।

উপহাৰ হিচাপে তিনিখন কিতাপ পাই উৎফুল্লিত মন্ত্ৰী গৰাকীয়ে তিনিওখন কিতাপতে ইমৰাণ শ্বাহে স্বাক্ষৰ কৰি দিলে তেওঁ নথৈ আনন্দিত হ’ব বুলি প্ৰকাশ কৰে।

তেওঁ কয়, ‘’ইমৰাণ শ্বাহ দেব তেওঁৰ বাবে শ্ৰদ্ধাৰ ব্যক্তি। মন্ত্ৰী হোৱাৰ পাছত ছাৰক লগ পোৱা নাছিলো বাবে আজি শিৱসাগৰলৈ আহাৰ সুযোগ পোৱাত ছাৰক মাত এষাৰ দিবলৈ ঘৰলৈ আহিলো।‘’

তেওঁ লগতে কয়,‘’সাহিত্যিক গৰাকীৰ প্ৰতিখন কিতাপ মই পঢ়িছো আৰু আজি ছাৰৰ হস্তাক্ষৰ থকা তিনিখন কিতাপ পাই আনন্দ লাভ কৰিছো আৰু এই কিতাপ কেইখন মোৰ বাবে আপুৰুগীয়া সম্পদ হিচাপে থাকি যাব।‘’

মন্ত্ৰী গৰাকীয়ে বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহৰ সু-স্বাস্থ্য কামনা কৰে।

আনহাতে, শিক্ষা মন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয় সমুহত খালী হৈ থকা পদ সমুহ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰে পূৰণ কৰা হ’ব বুলি ঘোষণা কৰে। এই ক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে বুলি কয়।

তেওঁ কয় যে সাত বছৰৰ পাছত চৰকাৰে এই বৰ্ষত টে’ট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে। অসমৰ শিক্ষিত যুৱক-যুৱতীসকল ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলি মন্তব্য কৰে।

তদুপৰি, যি বিলাক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক কম বা বেছি আছে তেনে বিদ্যালয়সমুহ একত্ৰীকৰণ বা শিক্ষকৰ বুজাবুজিৰ জড়িয়তে সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহে হঠাৎ শিক্ষা মন্ত্ৰী গৰাকী তেওঁৰ ঘৰত উপস্থিত হোৱাত অতিকে আনন্দ লাভ কৰিছে বুলি কয়।

তেওঁ শিক্ষা মন্ত্ৰী গৰাকীয়ে অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিব বুলি কৈছে যদি সেয়া হয় তেন্তে আমাৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’ব বুলি মন্তব্য কৰে।