NORTHEAST NOW (Assamese)

শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ ইংগিত: উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব ৰাজ্যৰ হাইস্কুলসমূহ

May 9, 2022 10:09 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: May 9, 2022 10:11 am
প্ৰতিনিধিত্বমূলক ছবি

অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ ইংগিত দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

সেইমৰ্মে মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ শিক্ষা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

শিক্ষামন্ত্ৰী পেগুৱে কৰা মন্তব্য অনুসৰি অনাগত দিনত ৰাজ্যৰ হাইস্কুলসমূহ উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব।

একেদৰে নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ বাবেই ২০২৩ চনৰ পৰা বিশেষ কোনো গুৰুত্ব নাথাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰো।

ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শাখা সমূহ উঠাই দিয়াৰো ইংগিত দিছে শিক্ষামন্ত্ৰীয়ে।

ছেবা আৰু উঃ মাঃ শিক্ষা সংসদৰ ব্যৱস্থাক একত্ৰিত কৰা হ’ব বুলিও পেগুৱে কয়।

উল্লেখ্য দেশত নতুন শিক্ষানীতি কাৰ্যকৰী হোৱাৰ পিছত ২০২৩ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্ব নাথাকিব বুলিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশৰ নতুন শিক্ষানীতিৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিছে।

Related News