দেশৰ প্ৰায় প্ৰতি খন ৰাজ্যতে এতিয়া কম-বেছি পৰিমাণে নাৰী অসুৰক্ষতি হৈ পৰিছে। শেবতীয়াকৈ প্ৰকাশিত তথ্যই সেই কথাই প্ৰমাণ কৰিছে।
ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ ৰ প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ভাৰতত ২৯ শতাংশ মহিলাই (১৮-৪৯ বছৰ বয়সৰ) ঘৰুৱা হিংসাৰ সন্মুখীন হৈ আহিছে।।
সেই অনুসৰি, কৰ্ণাটকত ৪৪.৪ শতাংশ মহিলা, বিহাৰত ৪০ শতাংশ , মণিপুৰত ৩৯.৬ শতাংশ ,তামিলনাডুত ৩৮ শতাংশ আৰু তেলেংগানাত ৩৬.৯ শতাংশ মহিলাই ঘৰুৱা হিংসাৰ সন্মুখীন হৈছে ।
একেদৰে লাক্ষাদ্বীপত ১.৩ শতাংশ, গোৱাত ৮.৩ শতাংশ, কেৰালা ৯.৯ শতাংশ, ছিকিম ১২ শতাংশ আৰু মেঘালয়ত ১৬ শতাংশ মহিলাৰ ঘৰুৱা হিংসাৰ সন্মুখীন হৈছে। ভাৰত চৰকাৰে ঘৰুৱা হিংসা ৰোধ কৰাৰ বাবে আইন প্ৰণয়ন কৰাৰ পিছতো এনেদৰে দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও ঘৰুৱা হিংসাৰ ঘটনা বৃদ্ধি পাই আছে।
ঘৰুৱা হিংসাৰ ভিতৰত যৌতুক বিচাৰি কৰা অত্যাচাৰৰ লগতে আন ঘটনাসমূহো আছে।
উল্লেখ্য দেশৰ বিভিন্ন ৰাজ্যত এতিয়া মহিলাৰ ওপৰত এচিড আক্ৰমণৰ ঘটনাও বৃদ্ধি পাইছে।