NORTHEAST NOW (Assamese)

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

April 21, 2021 5:04 pm · এন ই নাও নিউজ
Updated: April 21, 2021 5:07 pm

ইজনৰ পিছত সিজনকৈ ভিভিআইপি আৰু ভিআইপি কোভিড১৯ত আক্ৰান্ত হৈ থকাৰ সময়তে বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকৰ শৰীৰতো কোভিড১৯ৰ উপস্থিতি ধৰা পৰিছে।

বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত টুইট কৰি তেওঁ কোভিডত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছে।

“মই সকলোকে মই জনাব খুজো যে আজি মোৰ কোভিড টেষ্ট পজিটিভ আহিছে। মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা গ্ৰহণ কৰি আছো। যোৱা কিছুদিনত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকেও কোভিড টেষ্ট কৰাই লওক।” টুইটাৰত এইদৰে কয় কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে বুধবাৰ দিনটোত দেশত প্ৰায় ৩ লাখ লোক কোভিড১৯ত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ২,০০০ৰো অধিক কোভিড আক্ৰান্তৰ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে বুধবাৰে দিনটোত ২,৯৫,০৪১ গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,০২৩ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

Related News