শিক্ষকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ হাজোৰ শিক্ষা বিষয়াৰ: গোপন কেমেৰাত বন্দী সৱিশেষ

বৃহস্পতিবাৰে শিক্ষক দিৱসৰ দিনটোতে পোহৰলৈ আহে হাজো শিক্ষা খণ্ডৰ কাৰ্য্যালয়ৰ এক ছিণ্ডিকেটৰ কাহিনী।

প্ৰতিমাহে শিক্ষকৰ দৰমহা বিল প্ৰস্তুত কৰাৰ নামত হাজোৰ শিক্ষা খণ্ডৰ কাৰ্য্যালয়ে সংগ্ৰহ কৰে ১৬ হাজাৰ টকা।

হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়ৰ ৮০০ জন শিক্ষকৰ পৰা ২০/৫০ টকাকৈ সংগ্ৰহ কৰা হয়।

হাজোৰ শিক্ষা বিষয়া প্ৰবীণ কুমাৰ শৰ্মা আৰু একাউণ্টেন্টে মিলি শিক্ষকৰ পৰা প্ৰতি মাহে এইদৰে চান্দা সংগ্ৰহ কৰে।

আনহাতে, টকা নিদিলেই শিক্ষক সকলক মানসিক হাৰাশাস্তি তথা দৰমহা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰে।

তদুপৰি, ঘটনা কাৰোবাৰ আগত প্ৰকাশ কৰিলেই বিভাগীয় শাস্তিৰ ভাবুকি প্ৰদান কৰা হয়। এনে ভাবুকিৰ পৰিপ্ৰেক্ষিতত শিক্ষক সকলে মুখ নুখুলিলেও আমাৰ হাতত পৰিছে শিক্ষক সকলে সমূহীয়াভাবে শিক্ষা বিষয়ালৈ দিয়া এখন পত্ৰ।

উক্ত পত্ৰত স্পষ্টভাবে উল্লেখ আছে ধন সংগ্ৰহৰ কথা। আমাৰ সাংবাদিকে শিক্ষা বিষয়া প্ৰবীণ কুমাৰ শৰ্মাৰ সৈতে কথা পাতিছিল।

আমাৰ গোপন কেমেৰাত শিক্ষকৰ পৰা ধন সংগ্ৰহৰ কথা বন্দী হৈছে। ধন নিদিলে কোষাগাৰে হেনো শিক্ষকৰ দৰমহাৰ বিল পাছ নকৰে যাৰ বাবে হাজো শিক্ষা খণ্ডৰ ৮০০ শিক্ষকৰ পৰা এইজন বিষয়া প্ৰবীণ কুমাৰ শৰ্মাই চান্দা সংগ্ৰহ কৰে।

অ’ফিচৰ কম্পিউটাৰৰ বিজুটি হ’লেও ৮০০ জন শিক্ষকৰ পৰা ধন সংগ্ৰহ কৰে বিষয়াজনে। এনে অভিযোগৰ বিষয়ে সুধিবলৈ গ’লেই সাংবাদিকক ইমশ্যনেল ব্লেক মেইলিং কৰে।

অভিযোগ লৈ উপস্থিত হোৱা সাংবাদিকৰ সন্মুখত বিষয়াজনে মেলি দিয়ে এটা ঔষধৰ টোপোলা আৰু নিজকে ৰোগীয়া সজাই দোষ ঢকাৰ আপ্ৰাণ চেষ্টা কৰে।

যি সময়ত চৰকাৰী কার্যালয়, চৰকাৰী ব্যৱস্থা শূণ্য সহনশীল নীতিৰে আগবাঢ়িছে এনে সময়তে হাজো শিক্ষা খণ্ডত চলা এনে চান্দা সংস্কৃতিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে উপহাস কৰা নাইনে?