ঊর্ধ্বকমাৰ ব্যৱহাৰ

আমাৰ স্বৰ বৰ্ণমালাখনত আমি এঘাৰটা আখৰ পাওঁ : অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও আৰু ঔ ৷ কিন্তু ধ্বনিতত্ত্বৰ দিশৰ পৰা আমাৰ বিশিষ্ট স্বৰধ্বনি আঠোটা ৷ এই বিশিষ্ট স্বৰধ্বনিকেইটা হ’ল : /অ/(বল), /আ/ (বাল), /ই/(বিল), /উ/ (বুল), /এ/ (বেল), /ও/ (বোল), /অ’/(ব’ল), আৰু /এ’/ (বে’ল) ৷ দেখা গৈছে যে অসমীয়া ভাষাত অ’ আৰু এ’ ধ্বনি বুজাবলৈ সুকীয়া আখৰ নাই ৷ সেয়েহে অ আৰু এ-ত ঊৰ্ধ্বকমা দি এই ধ্বনি দুটাক বুজাব লগীয়া হয় ৷ যেনে : ৰ’দ, ক’ত, ম’ৰা চৰাই, বে’ল, ৰে’ল ইত্যাদি ৷

      কিছুমান শব্দত ঊর্ধ্বকমা দিবই লাগে ৷ য’ত ঊর্ধ্বকমা দিব লাগে ত’ত নিদিলে সেইবোৰ শব্দৰ অৰ্থ বেলেগ হৈ পৰে। যেনে,

ক’ৰ : ক’ৰ পৰা আহিলি বান্ধৈ ?

কৰ : তই কামটো কৰ ৷

ম’হ : ম’হৰ গাখীৰৰ দৈ খালোঁ ৷

মহ : মহৰ কামোৰত ভৰি দুখন খজুৱাইছে ৷

ম’ৰা : ম’ৰা চৰাই দেখিবলৈ ধুনীয়া ৷

মৰা : মৰা হৰিণাটো কিহবাই খালে ৷

গ’ল : তেওঁ ঘৰলৈ গ’ল ৷

গল : মোৰ গলটো বিষাইছে ৷

ব’ল : আমি ঘৰলৈ যাওঁ ব’ল  ৷

বল : ল’ৰাহঁতে বল খেলিছে ৷

ৰ’দ : ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক ?

ৰদ : ৰাষ্টাৰ দাঁতিত ৰদবোৰ পৰি আছে ৷

ক’ত : সি ক’ত আছে ?

কত : কত দিন তোমাৰ খবৰ পোৱা নাই !

য’ত : ঊৰ্ধ্বকমা য’ত লাগে দিবা ৷

যত : যত বস্তু আছিল, সকলো চোৰে চুৰ কৰিলে ৷

গ’লত : সি গ’লত, মই আহিলোঁ ৷

গলত : ল’ৰাটোৱে গলত দুখ পাইছে ৷

      কিছুমান শব্দত আকৌ ঊর্ধ্বকমা নিদিলে সেই শব্দবোৰ অৰ্থহীন হৈ পৰে আৰু প্ৰয়োগত ভুল হয় ৷ যেনে :

ভুল প্ৰয়োগ : কলী গাইজনীয়ে ঘাঁহ খাইছে ৷

শুদ্ধ প্ৰয়োগ : ক’লী গাইজনীয়ে ঘাঁহ খাইছে ৷

ভুল প্ৰয়োগ : মোৰ ভাত খোৱা হল ৷

শুদ্ধ প্ৰয়োগ : মোৰ ভাত খোৱা হ’ল ৷

ভুল প্ৰয়োগ : বহাগ মাহত কপৌ ফুলে ৷

শুদ্ধ প্ৰয়োগ : ব’হাগ মাহত কপৌ ফুলে ৷

ভুল প্ৰয়োগ : বৰাগী ককাই বীণ বজাইছে ৷

শুদ্ধ প্ৰয়োগ : ব’ৰাগী ককাই বীণ বজাইছে ৷

ভুল প্ৰয়োগ : ৰদালি এ’ ৰদ দে ৷

শুদ্ধ প্ৰয়োগ : ৰ’দালি এ’ ৰ’দ দে ৷

ভুল প্ৰয়োগ : পৰীক্ষা শেষ হলত আমি ঘৰলৈ উভতিলোঁ ৷

শুদ্ধ প্ৰয়োগ : পৰীক্ষা শেষ হ’লত আমি ঘৰলৈ উভতিলোঁ ৷

         ক, থ, ব, যা (ইয়াৰ পৰা গ-হোৱা ৰূপত), ৰ, ল আৰু হ–এই ধাতুকেইটাৰ পৰা পোৱা সকলো – ইল্‌ ভাগান্ত ৰূপত ঊর্ধ্বকমা লিখিবই লাগে। যেনে,

ক-ধাতু :

ভুল : মই তাক কথাষাৰ কলোঁ ৷

শুদ্ধ : মই তাক কথাষাৰ ক’লোঁ ৷

ভুল : তুমি তাক কথাষাৰ কলা ৷

শুদ্ধ : তুমি তাক কথাষাৰ ক’লা ৷

ভুল : তই তাক কথাষাৰ কলিনে ?

শুদ্ধ : তই তাক কথাষাৰ ক’লিনে ?

ভুল : সি তাক কথাষাৰ কলে ৷

শুদ্ধ : সি তাক কথাষাৰ ক’লে ৷

থ-ধাতু :

ভুল : চকীখন মজিয়াত থম ৷

শুদ্ধ : চকীখন মজিয়াত থ’ম ৷

ভুল : চকীখন মজিয়াত থবা ৷

শুদ্ধ : চকীখন মজিয়াত থ’বা ৷

ভুল : চকীখন মজিয়াত থবি ৷

শুদ্ধ : চকীখন মজিয়াত থ’বি ৷

যা-ধাতু (ইয়াৰ পৰা গ-হোৱা ৰূপৰ) :

ভুল : মই বজাৰলৈ গলোঁ ৷

শুদ্ধ : মই বজাৰলৈ গ’লোঁ ৷

ভুল : তুমি বজাৰলৈ গলা ৷

শুদ্ধ : তুমি বজাৰলৈ গ’লা ৷

ভুল : তুমি বজাৰলৈ গলানে ?

শুদ্ধ : তুমি বজাৰলৈ গ’লানে ?

ভুল : তেওঁ বজাৰলৈ গলনে ?

শুদ্ধ : তেওঁ বজাৰলৈ গ’লনে ?

ৰ-ধাতু :

ভুল : মই ইয়াতেই ৰম ৷

শুদ্ধ : মই ইয়াতেই ৰ’ম ৷

ভুল : তুমি ইয়াতেই ৰবা ৷

শুদ্ধ : তুমি ইয়াতেই ৰ’বা ৷

ভুল : তুমি ইয়াতেই ৰবানে ?

শুদ্ধ : তুমি ইয়াতেই ৰ’বানে ?

ভুল : তেওঁ ইয়াতেই ৰবনে ?

শুদ্ধ : তেওঁ ইয়াতেই ৰ’বনে ?

ল-ধাতু :

ভুল : মই কিতাপথন ললোঁ ৷

শুদ্ধ : মই কিতাপখন ল’লোঁ ৷

ভুল : তুমি কিতাপখন ললা ৷

শুদ্ধ : তুমি কিতাপখন ল’লা ৷

ভুল : তুমি কিতাপখন ললানে ?

শুদ্ধ : তুমি কিতাপখন ল’লানে ?

ভুল : তেওঁ কিতাপখন ললেনে ?

শুদ্ধ : তেওঁ কিতাপখন ল’লেনে ?

হ-ধাতু :

ভুল : মই গান্ধীজীৰ দৰে হম ৷

শুদ্ধ : মই গান্ধীজীৰ দৰে হ’ম ৷

ভুল : তুমি গান্ধীজীৰ দৰে হবা ৷

শুদ্ধ : তুমি গান্ধীজীৰ দৰে হ’বা ৷

ভুল : তুমি গান্ধীজীৰ দৰে হবানে ?

শুদ্ধ : তুমি গান্ধীজীৰ দৰে হ’বানে ?

ভুল : তেওঁ গান্ধীজীৰ দৰে হব ৷

শুদ্ধ : তেওঁ গান্ধীজীৰ দৰে হ’ব ৷

ব-ধাতু :

ভুল : আমি ঘৰলৈ যাওঁ বলা ৷

শুদ্ধ : আমি ঘৰলৈ যাওঁ ব’লা ৷

ভুল : আমি ঘৰলৈ যাওঁ বল ৷

শুদ্ধ : আমি ঘৰলৈ যাওঁ ব’ল ৷

ভুল : আমি ঘৰলৈ যাওঁ বলক ৷

শুদ্ধ : আমি ঘৰলৈ যাওঁ ব’লক ৷

        স্থান বুজোৱা কিছুমান সর্বনাম শব্দতো ঊৰ্ধ্বকমা ব্যৱহাৰ হয় ৷ যেনে :

বস্তুবোৰ অ’ত-ত’ত সিঁচৰতি হৈ পৰি আছে ৷

বস্তুবোৰ য’তে-ত’তে সিঁচৰতি কৰি নথ’বা ৷

তোমালোকে য’তে-ত’তে ঘূৰি নুফুৰিবা ৷

       যিবোৰ বিদেশী শব্দত অ’-ধ্বনিৰ উচ্চাৰণ হয়, সেইবোৰ বিদেশী শব্দত অ’ লিখিব লাগে। কিন্তু পিচত ই/ঈ বা উ/ঊ স্বৰ থাকিলে ঊর্ধ্বকমা নিলিখিলেও হয়। যেনে :

জাগিৰ’ড (Jagi Road), বুৰ’ (Bureau), ন’ব্‌ল (Noble), ক’ৰ্চ (Course) ইত্যাদি। কিন্তু বৰিক (Boric), ৰবিনহুদ (Robinhood) ইত্যাদি।

মন কৰিব লাগিব যে বৰিক আৰু ৰবিনহুদ  শব্দৰ পিচৰ ব্যঞ্জনৰ লগত ই আৰু ঈ-স্বৰ আছে।

      প্রত্যক্ষ উক্তি সদায় দুটীয়া ঊর্ধ্বকমাৰ (“……”) ভিতৰত লিখিব লাগে। যেনে :

শিক্ষকে ক’লে, ”পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে ৷”

দেউতাই ক’লে, “অচিনাকি ঠাই, সাৱধানে ফুৰিবা ৷’ ঊর্ধ্বকমাৰে আগুৰা বাক্যৰ মাজত নতুনকৈ কিবা উদ্ধৃতি দিব লগা হ’লে এটীয়া ঊর্ধ্বকমা (‘……’) ব্যৱহাৰ কৰিব লাগে