কাইলৈ পবিত্ৰ ইদ উল ফিটৰ: চৰকাৰী নীতি নিৰ্দেশনা মানি ইছলামধৰ্মী লোকে ঘৰতে কৰিব পালন

hati

কাইলৈ পবিত্ৰ ইদ উল ফিটৰ। সমগ্ৰ বিশ্বতে মুছলমান ধৰ্মাৱলম্বী লোকসকলে ৰমজান মাহৰ অন্তত পালন কৰিব ইদ উল ফিটৰ।

কিন্তু কাল ক’ৰণাৰ বাবে যোৱা বৰ্ষৰ দৰে এই বৰ্ষও ম্লান পৰিব ঈদৰ উল্লাস।

এই দৃশ্য শিৱসাগৰৰ। শিৱসাগৰৰ বিভিন্ন মছজিদ সমূহ এইদৰে আলোক সজ্জাৰে সজাই পৰাই তুলিছে ঈদ উপলক্ষে।

চৰকাৰে আজিৰে পৰা নতুন এচ অ’ পি জাৰি কৰিছে ,যাৰ বাবে বিগত বৰ্ষৰ দৰে এই বৰ্ষতও ঈদৰ সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ আদায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰবাসীয়েও ক’ৰণা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি ঘৰতে পালন কৰিব পবিত্ৰ ঈদ উল ফিটৰ।

ঘৰৰ গৃহিনীয়েও ঈদ উপলক্ষে পৰিয়ালৰ সদস্যৰ বাবে ঘৰতে প্ৰস্তুত কৰিছে বিভিন্ন খাদ্য সামগ্ৰী। কাল ক’ৰণাৰ বাবে এইবাৰ ঘৰতে থাকি পৰিয়ালৰ লোকৰ সৈতে ঈদ পালন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে শিৱসাগৰবাসীয়েও।

নৰ্থইষ্ট নাওৰ তৰফৰ পৰাও ৰাজ্যবাসীক পবিত্ৰ ঈদ উল ফিটৰৰ শুভেচ্ছা জনালোঁ।