NORTHEAST NOW (Assamese)

গুৱাহাটীত লগত ‘আধাৰ কাৰ্ড’ থকা ৮ গৰাকী বাংলাদেশীক আটক

April 22, 2019 5:28 pm · এন ই নাও নিউজ

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আজি ৰে’লৱে আৰক্ষীয়ে ৮ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে। ৰে’লৱে আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে আজি দিনৰ প্ৰায় ২ বজাত নামনিমুৱা চেন্নাই এক্সপ্ৰেছ ট্ৰেইনখন ধৰিবলৈ ৰৈ থকা অৱস্থাতে ষ্টেশ্যনত তহল দি থকা ৰে’লৱে আৰক্ষীৰ এটা দলে সন্দেহবশতঃ সোধা পোচা কৰাৰ পিছতে তেওঁলোকক আটক কৰে।

উল্লেখযোগ্য যে ধৃত আটাই কেইগৰাকী ব্যক্তিৰ লগত আধাৰ কাৰ্ড আছে যিসমূহ ৰে’লৱে আৰক্ষীয়ে জাল বুলি সন্দেহ কৰিছে। উক্ত আধাৰ কাৰ্ড কেইখনৰ লগতে ৰে’লৱে আৰক্ষীয়ে তেওঁলোকৰ পৰা বাংলাদেশৰ চিম কাৰ্ড সংলগ্ন কেইবাটাও মোবাইল ফ’ন জব্দ কৰে।

আটকাধীন ব্যক্তিকেইজনক ক্ৰমে আক্ৰাম হুছেইন (১৯), দিলৱাৰ হুছেইন (১৯), ৰুবেল হুছেইন (১৯), কমল হুছেইন (২০), মনিৰ হুছেইন (২১), আবু তাহেৰ (১৮), ছবুজ হুছেইন (১৯) আৰু মানিৰ হুছেইন (১৮) বুলি চিনাক্ত কৰা হৈছে।

ৰে’লৱে আৰক্ষীয়ে জনোৱা মতে আটাইকেইগৰাকী ব্যক্তিয়ে বাংলাদেশৰ চিটাগং জিলাৰ ভজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিকনচেৰা অঞ্চলৰ বাসিন্দা।

ৰে’লৱে আৰক্ষীৰ আগত স্বীকাৰ কৰা অনুসৰি তেওঁলোকে যোৱা ২০ এপ্ৰিলত আগৰতলা হৈ ভাৰতত প্ৰৱেশ কৰে আৰু পিছদিনাই গুৱাহাটী অভিমুখি এখন বাছত উঠি আজি পুৱা গুৱাহাটীত উপস্থিত হয়।

Related News