NORTHEAST NOW (Assamese)

অসমৰ ৮ গৰাকী চি আৰ পি এফ জোৱান ক’ৰ’না পজিটিভ; চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ

April 29, 2020 10:16 am · কল্পজ্য়োতি শইকীয়া
Updated: April 29, 2020 11:22 am
প্ৰতিনিধিত্বমূলক ফটো

ৰাজধানী দিল্লীত কৰ্মৰত অৱস্থাত ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা অসমৰ ইক্ৰাম হুছেইন নামৰ চি আৰ পি এফৰ জোৱান গৰাকীৰ সৈতে একেলগে কৰ্মৰত আন ৮ গৰাকী অসমৰ চি আৰ পি এফৰ জোৱান ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰিয়ে সকলোকে চিন্তিত কৰি তুলিছে।

ক’ৰ’নাৰ দৰে মৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পাছতো জোৱান কেইগৰাকীয়ে প্ৰয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে।

দিল্লীৰ ময়ূৰ বিহাৰত ৩১ নং বেটেলিয়ানৰ চি আৰ পি এফ জোৱান হিচাপে কৰ্মৰত অসমৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী চি আৰ পি এফৰ জোৱানে আমাৰ সাংবাদিকৰ সৈতে টেলিফোনিক বাৰ্তালাপত অংশ লৈ তেওঁলোক বৰ্তমান চিকিৎসাৰ পৰা বঞ্চিত হৈ থকাৰ বিষয়ে অৱগত কৰে।

ক’ৰ’নাত আক্ৰান্ত হোৱা ৩৬ বছৰীয়া জোৱান গৰাকীৰ ঘৰ কামৰূপ মহনগৰ জিলাত।

জোৱান গৰাকীৰ শৰীৰত বিগত ২৪ এপ্ৰিলতে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে, তেওঁৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ অন্য ৭ গৰাকী ক’ৰ’না আক্ৰান্ত চি আৰ পি এফৰ জোৱানক চিকিৎসা প্ৰদান কৰা বাদেই, বৰ্তমানলৈকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হোৱা নায়।

কেৱল পৰীক্ষা কৰিয়ে চিকিৎসা বিভাগে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে।

“আমাক এতিয়ালৈকে চিকিৎসা কৰোৱা হোৱা নায়। আমাৰ ২৪ এপ্ৰিলৰ দিনা পজিটিভ ওলাইছিল। দিল্লীৰ মনজুলিজেইল নামৰ ঠাইৰ এটা দিল্লী পুলিচৰ ফ্লেটত ৰাখি থৈছে। আমাক প্ৰথম কোৱাৰেন্টাইনৰ সময়ত দিল্লীৰ লৰেলাত থৈছিল। পজিটিভ পোৱাৰ পাছত আমাক ইয়াত লৈ অহা হয়। আমাক এতিয়ালৈকে হাস্পাতাললৈ নিয়া নাই। আমাক অকল পৰীক্ষা কৰোৱা হৈছিল আৰু পজিটিভ ওলোৱাৰ লগে লগে এই ফ্লেটত ৰখা হৈছে,’’ কোভিড-১৯ আক্ৰান্ত চি আৰ পি এফৰ জোৱান গৰাকীয়ে আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

ইপিনে, চি আৰ পি এফৰ জোৱান গৰাকীৰ পত্নী চিত্ৰলেখা কলিতাই ৰাজ্য চৰকাৰৰ মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক তেওঁৰ স্বামীক অসমলৈ আনি চিকিৎসা কৰিবৰ বাবে আহ্বান জনায়।

‘‘মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী মহোদয়; আপোনালোকলৈ কাতৰ অনুৰোধ, মোৰ স্বামীক অসমলৈ আনি চিকিৎসা কৰাওক। মোক ফোন কৰি কৈছিল যে ইয়াত চিকিৎসা কৰা নাই, খোবা-লোৱা ভালকৈ কৰিব পৰা নাই,’’ আমাৰ সাংবাদিকৰ আগত এইদৰে কয় চিত্ৰলেখাই।

উল্লেখযোগ্য যে, ৩১ নং বেটেলিয়নৰ চি আৰ পি জোৱান হিচাপে কৰ্মৰত বৰপেটা জিলাৰ সৰুপেটা থানাৰ অন্তৰ্গত বৰবড়িৰ ইক্ৰাম হুছেইনৰ ২৮ এপ্ৰিলত ক’ৰ’নাৰ ফলত মৃত্যু হৈছিল।

বৰ্তমান ক’ৰ’না আক্ৰান্ত অসমৰ ৮ গৰাকী চি আৰ পি এফৰ সৈতে ইক্ৰাম হুছেইন একেলগে কোৱাৰেন্টাইনত আছিল আৰু বিগত ২৩ এপ্ৰিলত  হুছেইনৰ শৰীৰত কোভিড-১৯ উপস্থিতি ধৰা পৰিছিল ৷

দিল্লী ছফৰজং চিকিৎসালয়ত  ইক্ৰাম হুছেইন মৃত্যু হৈছিল।

Related News