NORTHEAST NOW (Assamese)

অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৪২লৈ বৃদ্ধি

August 23, 2020 10:01 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৪২লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপৰ অৰুণ ঠাকুৰীয়া (৬৩) আৰু ওম প্ৰকাশ শৰ্মা (৫৬), ডিব্ৰুগড়ৰ দুৰ্গা বাহাদুৰ সোণাৰ (৪৮) আৰু সুনীল কুমাৰ ফ’গ্লা (৮৫), নলবাৰীৰ ৰঞ্জিত কুমাৰ দত্ত (৭৪) আৰু প্ৰফুল্ল ডেকা (৫৩), বাক্সাৰ মলয় বসুমতাৰী (৪৮) আৰু হোজাইৰ খগেন পণ্ডিত (৬৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শনিবাৰলৈকে ২৩৪গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে শনিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে ৬৭,৬৪১ (।)

অসমত শনিবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২১,৫৯০ (।)

অসমত শনিবাৰলৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা আছিল ৮৯,৪৬৮ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News