NORTHEAST NOW (Assamese)

অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫৪৮লৈ বৃদ্ধি

September 19, 2020 9:55 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৪৮লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৪০গৰাকী ক’ভিড ৰোগীয়ে শুকুৰবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে মুঠ ১,২৩,৬৮৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ শুকুৰবাৰলৈকে অসমত চিকিৎসালয় এৰিছে।

অসমত শুকুৰবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৮,৬৩১ (।)

অসমত শুকুৰবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫২,৮৫৮লৈ বৃদ্ধি পাইছিল।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News