শিৱসাগৰত পুনৰ ৮ জনৰ ক’ভিড ১৯ পজিটিভ; সদ্য প্ৰয়াত আটাছু নেতা অশ্বিনী চেতিয়াৰ দুই ভাতৃ ক’ভিড ১৯পজিটিভ

IMG-20200710-WA0052

সদ্য প্ৰয়াত আটাছু নেতা অশ্বিনী চেতিয়াৰ শেষকৃত্যৰ সময়ত অন্যান্যসকলৰ লগতে উপস্থিত আছিল সাংসদ তপন গগৈ। ফটো: নৰ্থইষ্ট নাও

আন এক ভয়ংকৰ খবৰে জোঁকাৰি গৈছে শিৱসাগৰ। সদ্যপ্ৰয়াত আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ দুই ভাতৃ মুকুল চেতিয়া আৰু প্ৰশান্ত চেতিয়াৰ ক’ভিড পজিটিভ পোৱা গৈছে।

৫ জুলাইত তেওঁলোক গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আহিছিল আৰু ৭ জুলাইত তেওঁলোকে শ্বাৱ টেষ্ট কৰিছিল। আজি তেওঁলোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।

অশ্বিনী চেতিয়াৰ অন্তোষ্টিক্ৰিয়াত আছিল তেওঁৰ দুই ভাতৃ আৰু অন্তোষ্টিক্ৰিয়াত সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত, আৰক্ষীৰ বহু কেইজন উচ্চপদস্থ বিষয়াৰ লগতে বহু ব্যক্তি উপস্থিত আছিল।

চেতিয়াৰ অন্তোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা সকলো ব্যক্তিৰ শ্বাৱ টেষ্ট কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰৰ স্বাস্থ্য বিভাগে।

আনহাতে, নিজে অন্তেষ্টিক্ৰিয়াত ভাগ লোৱা শৰীৰচৰ্চাবিদ বিজিত গগৈয়েও সকলোকে শ্বাৱ টেষ্ট কৰিবলৈ আহ্বান জনায়।

ইপিনে, শিৱসাগৰত আজি পুনৰ ৮ জনৰ শৰীৰত পোৱা গৈছে ক’ভিড পজিটিভ।

ইয়াৰে ভিতৰত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াৰ দেহতো পোৱা গৈছে ক’ভিড পজিটিভ। নৱ কুমাৰ দাস নামৰ আৰক্ষী বিষয়াজন আক্ৰান্ত হৈছে ক’ভিড পজিটিভত।

উল্লেখ্য যে এইগৰাকী আৰক্ষী বিষয়াৰ লগতে বাবুলি বাচফৰ নামৰ মহিলা গৰাকীৰো কোনো ভ্ৰমণ বৃত্তান্ত লাভ কৰা নাই স্বাস্থ্য বিভাগে।

অৱশ্যে, আৰক্ষী বিষয়া হিচাপে বিভিন্ন লোকৰ সংস্পৰ্শলৈ অহাৰ ফলত ক’ৰনা আক্ৰান্ত হব পাৰে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে।

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে প্ৰয়াত অশ্বিনী চেতিয়াৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলক ৭০০২৭৬৭২৩০ (ডা:  দ্বিজেন কোঁচ)ৰ ফোন নম্বৰত যোগাযোগ কৰি স্বেচ্ছাই ক’ভিড-১৯ পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে।