Hotel fire at Secunderabad তেলেংগানাত আন এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সোমবাৰে নিশা ছেকেন্দ্ৰাবাদৰ এখন হোটেলত এই অগ্নিকাণ্ডৰ ঘটনা ঘটে। ঘটনাটোত ৮ জন লোক নিহত হৈছে আৰু আহত হৈছে আন কেইবাজনো লোক। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
হায়দৰাবাদৰ আয়ুক্ত চি ভি আনন্দে জনায় যে সোমবাৰে নিশা ছেকেন্দ্ৰাবাদৰ এটা বহুমহলীয়া অট্টালিকাত জুই লাগে। অট্টালিকাৰ প্ৰথম মহলাত থকা এটা বৈদ্যুতিক স্কুটাৰ ৰিচাৰ্জিং ইউনিটৰ পৰা জুই আৰম্ভ হৈছিল। জ্বলনশীল পদাৰ্থ থকাৰ বাবে জুই দ্ৰুতগতিত দুই মহলা আৰু তিনি মহলালৈ বিয়পি পৰিছিল। চাৰিওফালে ক’লা ধোঁৱাই আৱৰি ধৰিছিল। এই ঘটনাত আঠজন লোকে প্ৰাণ হেৰুৱাইছে।
লগতে পঢ়ক: Gyanvapi Dispute: জ্ঞানৱাপী গোচৰত অঞ্জুমানে ইন্তেজামিয়া সমিতিৰ আবেদন খাৰিজ; কি কলে আদালতে?
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত বহুতেই নিজকে বচাবলৈ খিৰিকীৰে জঁপিয়াই পৰি আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ সহায়ত দ্ৰুতগতিত উদ্ধাৰ অভিযান চলোৱা সম্ভৱ হৈছে।
তেলেংগানাৰ গৃহ মন্ত্ৰী মহম্মদ মাহমুদ আলীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ কয়: “এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা। অগ্নিনিৰ্বাপক বাহিনীয়ে হোটেলখনত আৱদ্ধ অতিথিসকলক উদ্ধাৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰে। কিন্তু প্ৰচণ্ড ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হৈ কেইজনমান লোকৰ মৃত্যু হয়। অগ্নিকাণ্ড কেনেকৈ সংঘটিত হৈছিল জানিবলৈ এটা তদন্ত আৰম্ভ কৰা হ’ব। “
উল্লখ্য যে তেলেংগানাত যোৱা মাৰ্চ মাহতো একেধৰণৰ আন এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ছেকেন্দ্ৰাবাদৰ এটা গুদামত সংঘটিত সেই অগ্নিকাণ্ডত বিহাৰৰ এঘাৰজন প্ৰব্ৰজনকাৰী শ্ৰমিক নিহত হৈছিল। তদন্তকাৰীসকলে শ্বৰ্ট চাৰ্কিটৰ পৰা সেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি নিশ্চিত হৈছিল।
লগতে পঢ়ক: অস্ত্ৰোপচাৰ কক্ষত ৰোগী, ৰাস্তাত তীব্ৰ যানজঁট; ৪৫ মিনিট দৌৰি গৈ চিকিৎসালয়ত উপস্থিত হ’ল চিকিৎসক
ইপিনে. অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নিকাণ্ডৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে।