ইয়াকে কয় কৰ্তব্যবোধ! ৰাস্তাত তীব্ৰ যানজঁট। কিন্তু গাড়ীত বহি অপেক্ষা কৰাৰ সময় নাই। কিয়নো চিকিৎসালয়ত উপস্থিত হৈয়েই তেওঁ অস্ত্ৰোপচাৰ কৰিব লাগিব। ৰোগীসকল ৰাতিপুৱাৰে পৰা তেওঁৰ বাবে অপেক্ষা কৰি আছে। সেয়ে, পলম নকৰি বেংগালুৰুৰ এজন চিকিৎসকে মাজপথতে গাড়ীৰ পৰা নামি প্ৰায় ৪৫ মিনিট দৌৰি গৈ তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি চিকিৎসালয়ত উপস্থিত হ’ল।
বাংগালুৰুৰ মণিপাল চিকিৎসালয়ত কৰ্মৰত এজন চিকিৎসক ডাঃ গোবিন্দ নন্দ কুমাৰৰ এই কাণ্ডক সকলোৱে এতিয়া প্ৰশংসাৰে উপচাই দিছে।
লগতে পঢ়ক: ‘বিকশিত’ উত্তৰ প্ৰদেশৰ আন এক ৰূপ: মোবাইলৰ ফ্লাছ লাইটৰ পোহৰত চিকিৎসা চলালে চিকিৎসকে
যোৱা ৩০ আগষ্টত তেওঁ চিকিৎসালয়লৈ ৰাওনা হৈছিল। কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে ৰাস্তাত পানী জমা হোৱাৰ বাবে যান-জঁটৰ সৃষ্টি হৈছিল। তেওঁৰ গাড়ীখন সৰজাপুৰ-মাৰাঠাহাল্লি পথত যান-বাহনত আবদ্ধ হৈ পৰে।
চিকিৎসকজনে চিকিৎসালয়লৈ গৈ ৰোগীসকলৰ পিত্তথলীৰ (গলব্লাডাৰ) অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল। সেয়ে ৰোগীসকলৰ কথা ভাবি ডাঃ নন্দকুমাৰ অৱশেষত গাড়ীৰ পৰা নামি দৌৰিবলৈ আৰম্ভ কৰে।
লগতে পঢ়ক: Gyanvapi Dispute: জ্ঞানৱাপী গোচৰত অঞ্জুমানে ইন্তেজামিয়া সমিতিৰ আবেদন খাৰিজ; কি কলে আদালতে?
মহানুভৱ চিকিৎকগৰাকীয়ে কয়, “মই মণিপাল চিকিৎসালয়ত উপস্থিত হ’বলগীয়া আছিল। ধাৰাসাৰ বৰষুণ আৰু ৰাস্তাত পানী জমা হোৱাৰ বাবে কেইবা কিলোমিটাৰ পথত যান-জঁট আছিল। সেয়ে মই সময় অপচয় কৰিব নিবিচাৰিলো। ৰোগীসকলে অস্ত্ৰোপচাৰৰ বাবে নোখোৱাকৈ ৰৈ আছে। গতিকে তেওঁলোকে সুদীৰ্ঘ সময়ৰ বাবে অপেক্ষা কৰি থকাটো মই বিচৰা নাছিলো। সেয়ে মই দৌৰি যোৱাৰ সিদ্ধান্ত লৈছিলো।”
.@SoumiEmd @CCellini @andersoncooper @WCMSurgery @nycHealthy @NYCRUNS https://t.co/54zt4H5SxY #runtowork @ManipalHealth #togetherstronger pic.twitter.com/21NYbZgraX
— Govind Nandakumar MD (@docgovind) September 12, 2022
বাতৰিসমূহৰ মতে, ডাঃ নন্দকুমাৰে যোৱা ১৮ বছৰ ধৰি কেইবাটাও জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। এজন চিকিৎসক হিচাপেও তেওঁৰ সুখ্যাতি আছে। চিকিৎসকজনে ৰোগীসকলৰ বিষয়ে চিন্তা কৰি চিকিৎসালয়লৈ দৌৰি যোৱাৰ এই ঘটনাই সকলোৱে অন্তৰ চুই গৈছে।