NORTHEAST NOW (Assamese)

বাগদাদস্থিত মাৰ্কিন দূতাবাসত ভয়ংকৰ আক্ৰমণ, আচাৰি পৰিল ৮ টাকৈ ৰকেট

December 21, 2020 1:18 pm · এন ই নাও নিউজ

ইটোৰ পিছত সিটো ৰকেট আক্ৰমণত কঁপি উঠিল ইৰাকৰ ৰাজধানী বাগদাদ।

দেওবাৰে নিশা মাৰ্কিন দূতাবাসৰ ওপৰত সন্ত্ৰাসবাদীয়ে ৮টাকৈ ৰকেট নিক্ষেপ কৰে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি নিশাৰ ভাগত প্ৰথমে তিনিটা ৰকেট আহি বাগদাদৰ গ্ৰীণজ’নৰ  নিচেই কাষত আহি পৰে।

এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা  নাই বা কোনো লোক আহতও হোৱা নাই বুলি জানিব পৰা গৈছে।

কিছুসময় পিছতে আন পাঁচটা ৰকেটে মাৰ্কিন দূতাবাসৰ চৌহদত আঘাত কৰে।ফলত দূতাবাসটোৰ বিস্তৰ ক্ষতিসাধন হয়।সৌভাগ্যক্ৰমে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই।

বিগত ছেপ্তেম্বৰ মাহতো বাগদাদৰ মাৰ্কিন দূতাসত সন্ত্ৰাসবাদীয়ে ৰকেট আক্ৰমণ সংঘটিত কৰিছিল।

বাগদাদৰ সন্ত্ৰাসবাদী অধ্যুষিত অঞ্চলৰ পৰা এই ৰকেট নিক্ষেপ কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এয়া তালিবানৰে কাম হব পাৰে বুলি চৰকাৰী সূত্ৰই সন্দেহ ব্যক্ত কৰিছে।

ইপিনে বাগদাদত থকা মাৰ্কিন দূতাবাসৰ ওপৰত সন্ত্ৰাসবাদী চলোৱা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে মাৰ্কিন প্ৰশাসনে।

দূতাবাসটোৰ সুৰক্ষাৰ ক্ষেত্ৰত ইৰাকৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি মাৰ্কিন প্ৰশাসনে আজি পুনৰ বাৰ অভিযোগ কৰে।

Related News