পাকিস্তানত এক ভয়াবহ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। খাইবাৰ পাখতুনখোৱাৰ আপাৰ কুৰাম তহচিলত বৃহস্পতিবাৰে কমেও ৮ গৰাকী শিক্ষকক হত্যা কৰা হয়। স্থানীয় আৰক্ষীয়ে জনোৱা মতে, বন্দুকধাৰীয়ে তহচিল হাইস্কুলৰ ষ্টাফ ৰুমত প্ৰৱেশ কৰি গুলীচালনা কৰে।
বাতৰি অনুসৰি, শিক্ষককেইজন পৰীক্ষাৰ ডিউটিত আহিছিল। তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হয়। সকলো চিকিৎসালয় এলেকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বিচাৰি পোৱা নাই। ইপিনে, সাম্প্ৰতিক পৰিস্থিতিত মেট্ৰিক পৰীক্ষা পিছুৱাই দিয়া হৈছে।
আন এক ঘটনাত এগৰাকী শিক্ষকে গাড়ীৰে গৈ আছিল। তেওঁকো গুলীয়াই হত্যা কৰা হয়। মুঠতে একেদিনাই ৮ জন শিক্ষকৰ মৃত্যু হয়। সেই শিক্ষকজনৰ নাম মহম্মদ শ্বৰীফ। তেওঁক গাড়ীতে গুলীয়াই হত্যা কৰা হয়।
পাকিস্তানৰ ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিয়ে কয় যে যিসকলে শিক্ষকক হত্যা কৰিছে তেওঁলোক শিক্ষাৰ বিৰোধী।
এই ঘটনাই পাকিস্তানৰ আপাৰ কুৰামৰ অৱস্থা সম্পূৰ্ণৰূপে অস্থিৰ কৰি তুলিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ষ্টাফ ৰুমত বহি আছিল শিক্ষকসকল। তেতিয়াই গুলী চলোৱা হৈছিল। তেওঁলোক পৰীক্ষাৰ ডিউটিত আহিছিল। সেই সময়ত বন্দুকধাৰীয়ে আক্ৰমণ কৰে। অৱশ্যে সকলো ক্ষেত্ৰতে শিক্ষকক লক্ষ্য কৰি লোৱা হৈছে।
সেই চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিবলৈ আহিছিল। সেই সময়তে শিক্ষকক আক্ৰমণ কৰা হৈছিল। এজন এজনকৈ শিক্ষকক হত্যা কৰা হৈছে। এক ভয়ংকৰ ঘটনা। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান আৰম্ভ কৰিছে।