NORTHEAST NOW (Assamese)

গুজৰাটৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণত ১৮ জন নিহত; গুৰুতৰভাৱে আহত ৬ জন

April 1, 2025 3:17 pm · এন ই নাও নিউজ, নতুন দিল্লী

গুজৰাটৰ আতচবাজী কাৰখানাত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত ১৮ জন লোকৰ মৃত্যু, ঘটিছে। বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে ২০০ মিটাৰ দূৰলৈকে সিঁচৰতি হৈ পৰে দেহৰ অংগ। এই অগ্নিকাণ্ডত ৬ জন লোক গুৰুতৰভাৱে আহত হয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, এই বিস্ফোৰণত কিমানজন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও সঠিকভাৱে নিশ্চিত কৰিব পৰা নাই প্ৰশাসনে।

মঙলবাৰে পুৱা গুজৰাটৰ বানাস্কান্ত জিলাৰ দিশাত সংঘটিত হয় এই বিস্ফোৰণ। উদ্ধাৰ অভিযান আৰম্ভ হোৱা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

সূত্ৰ অনুসৰি দিশাস্থিত আতচবাজী কাৰখানাটোৰ মালিক খুবচান্দ সিন্ধী। অভিযোগ অনুসৰি তেওঁ আতচবাজী তৈয়াৰ কৰিবলৈ বৃহৎ পৰিমাণৰ মছলা আৰু ৰাসায়নিক সামগ্ৰী মজুত কৰি ৰাখিছিল। জমা হৈ থকা মছলা আৰু ৰাসায়নিক পদাৰ্থবোৰত কেনেবাকৈ জুই লাগি ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ ঘটে।

কাৰখানাটোত কিমান লোকে কাম কৰে আৰু বিস্ফোৰণৰ সময়ত কিমান শ্ৰমিকে কাম কৰি আছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

প্ৰশাসনৰ আন এক সূত্ৰৰ মতে, বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ বহু দূৰৰ পৰা শুনা গৈছিল। বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু দুৰ্যোগ সঁহাৰি দলৰ লোক উপস্থিত হয়। একাধিক এম্বুলেন্সো প্ৰেৰণ কৰা হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ উদ্ধাৰ হোৱা ছয়জন শ্ৰমিকৰ শৰীৰৰ ৪০ শতাংশতকৈও অধিক জ্বলি গৈছে।

দিশাৰ মহকুমাধিপতি নেহা পাঞ্চালে জনোৱা মতে, আহত শ্ৰমিকসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনী আৰু দুৰ্যোগ সঁহাৰি দলৰ লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

Related News