গুপ্তাংগত প্ৰহাৰ! লিডুত ভিনিহিয়েকৰ হাতত থিতাতে প্ৰাণ গ’ল খুলশালীয়েকৰ

Videoframe_20210912_205241_com

হত্যাকাৰী সভেজ কিষান। ফটো: নৰ্থইষ্ট নাও।

মাৰ্ঘেৰিটাৰ লিডু চাহ বাগিছাত এক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভিনিহিয়েকৰ হাতত প্ৰাণ গ’ল খুলশালীৰ।

মাৰ্ঘেৰিটাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু চাহ বাগিছাৰ ২নং লাইনত দেওবাৰে সন্ধিয়া সংঘটিত এক অমানুষিক হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ অঞ্চলটি।

নিজৰ জ্যেষ্ঠা ভগ্নীৰ পতি অৰ্থাৎ ভিনিহিয়েকৰ প্ৰহাৰত প্ৰাণ গ’ল নিজৰেই খুলশালীৰ।

জানিব পৰা মতে, এটি সাধাৰণ কথাত সমীৰ কিষান(২১) আৰু ভিনিহিয়েক সভেজ কিষানৰ দুয়োৰে মাজত বাক বিতণ্ডাৰ সৃষ্টি  হোৱাত ভিনিহিয়েকে খুলশালীয়েকৰ শৰীৰৰ গুপ্ত অংগত প্ৰহাৰ কৰাত খুলশালীয়েকৰ থিতাতে মৃত্যু হয়।

ইতিমধ্যে লিডু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি হত্যাকাৰী সভেজ কিষানক (২২) লিডু আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

সমীৰ কিষানৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে। আনহাতে, হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।